গৰমৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্কুলৰ সময় সূচী সলনি
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অত্যধিক গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ (ভাঃপ্ৰঃসে) পৰামৰ্শ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা সৰ্বশিক্ষা অভিযান ডিব্ৰুগড়ৰৰ জিলা মিছন সমন্বয়ক ড০ সমীৰণ বৰাই জিলাখনৰ সকলো চৰকাৰী তথা প্ৰাদেশিকৃত বিদ্যালয়, চাহ বাগিচা পৰিচালিত বিদ্যালয় আৰু ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষ-প্ৰধান শিক্ষকসকললৈ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সন্দৰ্ভত লগতে পুৰ্বৰ নিৰ্ধাৰিত সময়ত কৈ এঘন্টাৰ পূৰ্বে শ্ৰেণী কোঠালৈ যোৱা, ফেনৰ ব্যৱস্থা,বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ,এখন বেঞ্চত তিনি জনকৈ বহা ইত্যাদি অন্যান্য কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।
