গড়চুক আৰক্ষীৰ অভিযানত জব্দ নকল সোণৰ নাও

গড়চুক আৰক্ষীৰ অভিযানত জব্দ নকল সোণৰ নাও

ৰঙিলী বাৰ্ত্তাসেৱা-  গড়চুক আৰক্ষীৰ অভিযানত জব্দ নকল সোণৰ নাও। পামহিৰ এটা ভাড়া ৰুমত গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত জব্দ কৰা হয় দুখন নকল সোণৰ নাও। লগতে জব্দ কৰা হয় ম’বাইল ফোন আৰু নগদ ধন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীকেইজন ক্ৰমে লখিমপুৰৰ মহিদুল ইছলাম, আব্দুল মালিক, গৰৈমাৰীৰ বাবুল হুছেইন আৰু হেদৈ উল্লাহ।লখিমপুৰৰ পৰা মহানগৰীৰ মাজেৰে বিহাৰলৈ সৰবৰাহ কৰা কথা আছিল নকল সোণখিনি। পূৰ্বেও এনেদৰে সৰবৰাহ কৰিছিল নকল সোণৰ নাও। ৰাজ্যত বৃদ্ধি পাইছে নকল সোণৰ সৰবৰাহৰ ঘটনা।