গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰীৰ বিদায় সম্বৰ্ধনা

গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰীৰ বিদায় সম্বৰ্ধনা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ২৯-৬-২৪ বিদ্যালয় খনৰ সাত গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু এগৰাকী উচ্চ বৰ্গৰ সহায়িকা পদত অধিষ্ঠিত কৰ কৰ্মচাৰীৰ বিদায় সভা অনুষ্ঠিত হৈ যায় । বিদ্যালয় খনৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী নীনা কাকতি দত্তৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সান্তনা গগৈ, চৈয়দা জুলফিয়া হুছেইন, জ্যোৎস্না ৰাজকোঁৱৰ, প্ৰণতি খনিকৰ, চিত্ৰলেখা হাজৰিকা, ভাৰতী ঠাকুৰ আৰু এই বিদ্যালয়ৰ পৰা বদলি হৈ যোৱা উচ্চ বৰ্গৰ সহায়িকা লাবণ্য দাসক বিদায় সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভনিতে দেশৰ শিক্ষক সমাজলৈ তেওঁলোকৰ দীৰ্ঘদিনীয়া অৱদানৰ বাবে সন্মান প্ৰদৰ্শন কৰা হয়। বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী উৎপলা শৰ্মাই সকলোৰে হৈ বিদায় প্ৰাৰ্থী কেইগৰাকীৰ সুদীৰ্ঘ কৰ্মজীৱনৰ খতিয়ান দাঙি ধৰি তেওঁলোকৰ নিষ্ঠা আৰু কৰ্তব্যৰ প্ৰতি থকা দায়িত্ববোধৰ কথা সোঁৱৰে আৰু তেওঁলোকৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰে। এই অনুষ্ঠানৰ মাজতে এক ‘অন্তৰংগ আলাপত’ বিদায়ী শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী কেইগৰাকীয়ে নিজৰ স্মৃতি বিজড়িত মনৰ ভাৱ সকলোৰে মাজত ব্যক্ত কৰে। বিদায়ী কৰ্মচাৰী সকলক সম্বৰ্ধনা আৰু উপহাৰ প্ৰদানৰ লগতে ছাত্ৰী তথা শিক্ষক – শিক্ষয়িত্ৰী সকলৰ তৰফৰ পৰা মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰা হয় ।