গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহ কৰোৱা প্ৰতিগৰাকী স্বামীঃ পুনৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সষ্টম আৰক্ষী।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ মাৰাথন অভিযান। বাল্যবিবাহত জড়িত স্বামীৰ সন্ধানত চলিছে মাৰাথন অভিযান৷নাবালিকাক বিয়া কৰাই বৰ্তমানলৈ গ্ৰেপ্তাৰ ১৮০০ অবৈধ স্বামী।পুৱা ৮ বজালৈকে ১৮০০জন লোক আৰক্ষীৰ জালত পৰিছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইয়াৰে ভালে সংখ্যক বাল্য বিবাহ কৰা লোকৰ আত্মীয়কো আটক কৰিছে আৰক্ষীয়ে৷প্ৰণিধানযোগ্য যে, মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযানৰ কথা ৰাজহুৱা কৰাৰ পিছতে বহু লোক পলাই যোৱা বুলিও জনা গৈছে৷