গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰংৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে

গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, দৰংৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়, অসম চৰকাৰ আৰু ইউকো বেঙ্কৰ এক যৌথ প্ৰকল্প ‘গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান দৰং’ৰ ২০২৩-২৪ বৰ্ষৰ প্ৰশিক্ষণ সূচীৰ অন্তৰ্গত ‘গাহৰি পালন’ আৰু ‘ছাগলী পালনৰ’ সামৰণি অনুষ্ঠান উপলক্ষে মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰংৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে।তেওঁ প্ৰশিক্ষণ প্ৰতিষ্ঠানত উপস্থিত হৈ ভিন্ন দিশ নিৰীক্ষণ কৰি কাম কাজৰ বুজ লয়। জিলা আয়ুক্তই প্ৰশিক্ষাৰ্থী সকলক সকলো ক্ষেত্ৰতে চৰকাৰী আঁচনিলৈ অপেক্ষা নকৰি প্ৰশিক্ষণত উপলব্ধ জ্ঞান আৰু কৰ্ম দক্ষতাৰে পৰিকল্পিত ভাবে তৃণমূল পৰ্য্যায়ৰ পৰা নিজ ক্ষেত্ৰত অগ্ৰসৰ হ’বলৈ আহ্বান জনায়। আনহাতে মহিলা সকলে আত্মসহায়ক গোটসমূহৰ জৰিয়তে স্বনিৰ্ভৰশীল হ’বলৈ আগবঢ়াটো জিলা তথা ৰাজ্যখনৰ বাবে শুভলক্ষণ বুলি তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থকা জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়া ডাঃ অনন্ত কুমাৰ বৰুৱা আৰু মঙলদৈ পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া তথা অসম চৰকাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ন’ডেল বিষয়া ডাঃ যুগব্ৰত নাথে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনাই বিভাগীয় ক্ষেত্ৰত পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানত ইতিমধ্যে প্ৰশিক্ষণৰ চুড়ান্ত মূল্যায়নত সফলতাৰে উত্তীৰ্ণ ৫৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সন্মানীয় অতিথি সকলৰ পৰা প্ৰমাণপত্ৰ গ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠানৰ তৰফৰ পৰা অভ্যাগত সকলক আদৰণি জনোৱা হয়। প্ৰশিক্ষাৰ্থীসকলৰ হৈ কঙ্কন নাথ, দামোদৰ নাথ আৰু ৰঞ্জিতা কাশ্যপে প্ৰশিক্ষণৰ পৰা লাভ কৰা অভিজ্ঞতাৰ চমু বৰ্ণনা দিয়ে। আৰছেটিৰ প্ৰশিক্ষক বৃন্দই আতধৰা অনুষ্ঠানত সামৰণি বক্তব্য আৰু শলাগৰ শৰাই আগবঢ়াই সঞ্চালক বিজয় শৰ্মাই। তেওঁ জিলা প্ৰশাসনৰ লগতে আৰছেটিৰ প্ৰশিক্ষণ তথা অন্যান্য দিশত সহযোগিতা আগবঢ়োৱা জিলাখনৰ বিভিন্ন বিভাগৰ শলাগ লয়। অনুষ্ঠানৰ শুভাৰম্ভত অসম সঙ্গীত আৰু সামৰণিত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন হয়।