গ্ৰাছৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস , নৱনিৰ্মিত কাৰ্যালয় উদ্ধোধন. বঁটা প্ৰদান‘ আৰু গ্ৰন্থ উন্মোচন
মৃদুস্মিতা শৰ্মা ,বোকাখাত, ৰঙিলী বাৰ্ত্তাসেৱা- প্রকৃতিক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যৰে জন্ম লোৱা উজনি অসমৰ অন্যতম উল্লেখযোগ্য স্বেচ্ছাসেবী সংগঠন ‘গ্রাছ’ অর্থাৎ “গ্রীণ ৰিভলিউশ্যনাৰী এডমিৰেবল চিৰিণ ছ’চাইটী, বোকাখাত”-নামৰ সংগঠনটোৱে প্ৰতি বছৰৰ দৰে সংগঠনটোৰ নৱম বাৰ্ষিক প্রতিষ্ঠা দিৱস ,বিশ্ব পৰিবেশ দিৱস ,নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন ,গ্ৰন্থ উন্মোচন ,বঁটা প্ৰদান আদি বিভিন্ন কাৰ্যসূচীৰে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰে ৷। এই উদ্দেশ্যে পুৱা ৯ বজাত গ্ৰাছৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি অংকুৰ বৰঠাকুৰে । ইয়াৰ পিছতে বোকাখাতৰ লতাবাৰী শ্মশানত বৃক্ষৰোপণ কার্যসূচী সম্পন্ন কৰে । শিলিখা ,আমলখী ,মধুৰীআম ,কৃষ্ণচূড়া ,ৰাধাচূড়া আদি মূল্যৱান গছ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গ্ৰাছৰ শুভাকাংক্ষী ,বিশিষ্ট সমাজকৰ্মী অজিত জালানে ৷ বোকাখাতৰ মাজমজিয়াত নৱনিৰ্মিত গ্ৰাছৰ স্থায়ী কাৰ্যালয় গৃহৰ দ্বাৰ উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। বন্তি প্ৰজ্বলন কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই। বিগত বৰ্ষৰ দৰেই ২০২৪ বৰ্ষৰ ধনিল বৰঠাকুৰ সোঁৱৰণী ‘গ্রাছ গ্রীণ এৱাৰ্ড’ প্রদান কৰে গোলাঘাট জিলাৰ মহুৰামুখৰ বিশিষ্ট চিত্রশিল্পী, পৰিৱেশ কর্মী বদন দাসক, কমলেশ্বৰ বৰাৰ সোঁৱৰণী ‘গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড’ বোকাখাত উপ-জিলাৰ চহলা দীঘলীআটি গাঁৱৰ আদর্শ কৃষক ,ব্যৱসায়ী ৰাজীৱ ছেত্রীক প্রদান কৰে। এখনি ফুলাম গামোচা, এটি স্মাৰক, মানপত্ৰ আৰু ধগদ ধনেৰে বঁটাপ্ৰাপকসকলক সন্মানিত কৰা হয় ৷ যোৱা ৮ মাৰ্চত গ্ৰাছৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তর্জাতিক নাৰী দিৱসত নুমলী হাজৰিকা সোঁৱৰণী ‘গ্রাছ ৱমেন এৱাৰ্ড’ প্রদান কৰিছিল বিশিষ্ট লেখিকা ,পৰিবেশকৰ্মী গিৰিমল্লিকা শইকীয়াক। একেটা বৰ্ষতে থানেশ্বৰ ভূঞা সোঁৱৰণী ‘গ্রাছ নিৰ্মল সেউজ বঁটা’ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা বঁটা প্রাপ্ত বিদ্যালয়খনক নিজৰ বিদ্যালয়তে প্রদান কৰিব বুলি জনায় । কবি, নাট্যকাৰ ,সাংবাদিক অমৰ শৰ্মাই আঁত ধৰা সভাখনৰ সভাপতিৰ আসন শুৱনি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই ৷ ৫ জুন, বিশ্ব পৰিবেশ দিৱসৰ বিশেষত্ব বিষয়ক বক্তব্য প্ৰদান কৰে গ্ৰাছৰ উপদেষ্টা বুবুল দত্ত , জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি আনিচুৰ ৰহমান ,প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতা ,বিশিষ্ট সমাজকৰ্মী অনিমেষ শইকীয়া আদিয়ে ৷
উক্ত অনুষ্ঠানতে গ্ৰাছৰ দ্বাৰা প্রকাশিত জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতাৰ নৱতম গ্রন্থ ‘সময়ৰ বোকোচাত’ উন্মোচন কৰে গোলাঘাটৰ বিশিষ্ট পৰিৱেশকৰ্মী, সাংবাদিক পেঞ্চনাৰ অপূর্ব বল্লভ গোস্বামীয়ে। গ্ৰন্থ উন্মোচন কৰি গোস্বামীয়ে ভবানন্দ কলিতাৰ এই গ্ৰন্থখন সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান বুলি কোৱাৰ লগতে পৰিবেশ সম্পৰ্কীয় সমাজৰ দায়িত্ব সম্পৰ্কীয় সুন্দৰ বক্তব্য প্ৰদান কৰে ৷ সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাতৰ ছাত্র তন্ময় চৌধুৰীক গ্ৰাছৰ তৰফৰ পৰা এটি স্মাৰক আৰু এখনি ফুলাম গামোচাৰে সম্বর্ধনা জনায় । তন্ময় চৌধুৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ৷ এই অনুষ্ঠানতে গ্ৰাছৰ নতুন সংযোজন নিউজ পৰ্টেল “নিউজ ৱেভ”ৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। গ্রাছে অহা বৰ্ষৰ পৰা অমল দাৱৰ পিতৃৰ নামত উৎসৰ্গিত “বিভুল দাৱ সোঁৱৰণী সমাজ হিতৈষী বঁটা ’আগবঢ়াব বুলি ঘোষণা কৰে ৷ অমৰ শৰ্মাই শলাগৰ শৰাইত অনুষ্ঠান সফল কৰি তোলাৰ বাবে সভাপতি, অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা , অন্যান্য বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত গ্ৰাছৰ সমূহ সদস্যৰ লগতে বোকাখাতৰ সমাজ জীৱনৰ লগত জড়িত আমন্ত্রিত গণ্যমান্য ব্যক্তি মনোৰঞ্জন সেন , নিজৰা বৰঠাকুৰ ,মিনতি দলে , মহাবীৰ প্ৰসাদ আগৰৱালা , বিজয় শৰ্মা ,আদি আৰু সাংবাদিক অচ্যুত হাজৰিকা , সঞ্জীৱ হাজৰিকা প্ৰদীপ হাজৰিকা , সুদীপ্ত তামুলী ,প্ৰদীপ শৰ্মা ,অজন্তা তালুকদাৰ ,ৰাজীৱ বৰা ,আদি বহুসংখ্যক উপস্থিত থাকে। সভাপতিৰ মন্তব্যৰে সভাভংগ ঘোষণা কৰা হয় ৷