গ্ৰন্থ সমালোচনা
অলকা উৰোৱা বতাহত দুখন কেঁচা কলিজাৰ কঁপনি” উপন্যাসখনৰ এক সমালোচনাত্মক অধ্যয়ন
ৰাহুল কলিতা
চিনাতলী, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলী
যুগান্ত দাসৰ ঘৰ বৰপেটা জিলাৰ ভৱানীপুৰত । এগৰাকী যুৱ কবি । এই গৰাকী কবিৰ কবিতাত প্ৰতিফলিত হৈছে স্বদেশ প্ৰেম , ৰোমান্টিক প্ৰেম , বোকা মাটিৰ গোন্ধ , প্ৰতীক আৰু চিত্ৰকল্পৰ অভিনৱত্ত্ব সংযোজনেৰে সুন্দৰকৈ চিত্ৰিত কৰিছে বৰ্তমান সমাজৰ প্ৰেক্ষাপট । দাস এগৰাকী কবিয়ে নহয় অন্যান্য গ্ৰন্থ ৰচনা কৰিও সমাদৰ বুটলিছে । গ্ৰন্থসমূহ হৈছে – লেহৰু আতাৰ ৰসাল কথা , ভোগপুৰৰ সাধু , নামৰ এই দুখন শিশু গ্ৰন্থ । অলকা উৰোৱা বতাহত দুখন কেঁচা কলিজাৰ কঁপনি এইখন উপন্যাস । সাধাৰণ জ্ঞান আৰু স্বাস্থ্যপাঠ ছাত্ৰ ছাত্ৰীৰ হাত পুথি আৰু মহৎ লোকৰ জীৱনী , মহৎ লোকৰ বাণী নামৰ দুখন তথ্য সংগ্ৰহ পুথি ৰচনা কৰিছে ।
অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক যুগান্ত দাসৰ এখন উপন্যাস হৈছে “অলকা উৰোৱা বতাহত দুখন কেঁচা কলিজাৰ কঁপনি ” উপন্যাসখন এখন নাৰীৰ জীৱনৰ ওপৰত আধাৰিত বাস্তৱ উপন্যাস। উপন্যাসখনৰ মাজেৰে ঔপন্যাসিক যুগান্ত কুমাৰ দাসে নীলাঞ্জনা নামৰ নিৰ্যাতিতা, শোষিত, নিপিড়িত,নিস্পেষিত,যন্ত্ৰনাৰে জীৱন অতিবাহিত কৰা এগৰাকী নাৰীৰ জীৱনৰ কাহিনী অতি সুন্দৰ আৰু সাৱলীল ৰূপত বৰ্ণনা কৰিছে। প্ৰথম পুৰুষত বৰ্ণিত উপন্যাসখনত মাত্ৰ এটা চৰিত্ৰৰ মুখেৰে উপন্যাসখনৰ কাহিনী অতি কৌশলপূৰ্ণ বাবে ঔপন্যাসিক গৰাকীয়ে উপস্থাপন কৰিছে।
কবিতা লিখি ফেচবুক(মুখ কিতাপ)ৰ জৰিয়তে চিনাকি হোৱাৰ পিছত কেনেকৈ প্ৰেমলৈ পৰিৱৰ্তন হৈছিল আৰু প্ৰেমিকাৰ জীৱনৰ কাহিনী নিজৰ বন্ধুৰ আগত কেনেকৈ সুন্দৰ বাবে বৰ্ণনা কৰিছে তাৰ পৰাই জানিব পাৰি যে সঁচাকৈ উপন্যাসখন এখন অতি সুন্দৰ আৰু ব্যঞ্জনাত্মক উপন্যাস।
জন্মদাতা পিতৃৰ ঘৰত ছোৱালী হোৱাৰ বাবে সৰুৰে পৰা লগৰ লগত ধেমালি-ধূমালা কৰাৰ পৰা বিৰত থাকিবলগীয়া হোৱা, গাঁৱৰ লগৰ ল’ৰাক মাত দিয়াৰ পৰা বিৰত থাকিবলগীয়া হোৱা, যোগ্যতা আৰু ইচ্ছা থকাৰ পাছতো চহৰৰ কলেজত নামভৰ্তিৰ পৰা বিৰত থাকি ঘৰৰ ওচৰৰ কলেজত পঢ়িব লগা হৈছিল কেৱল পিতৃৰ কাঢ়া শাসনৰ কাৰণে। সেই পিতৃৰ কাৰণেই নীলাঞ্জনাই বাধ্য হৈ বিয়াত বহিব লগা হৈছিল। বিবাহিতা জীৱনটো নীলাঞ্জনাই নিজৰ শাহু আৰু স্বামীৰ পৰা শোষণৰ বলি হ’ব লগা হৈছিল। বিয়াৰ কইনাৰ সাজত প্ৰথম দিনাই শাহুৱেকৰ পৰা নীলাঞ্জনাই শুনিছিল এটি কটু বাক্য-” তোমাক পাটৰ সাজ পিন্ধি গোসাঁনীজনী হৈ বহি থাকিবলৈ বিয়া কৰাই অনা নাই। বাহিৰত দৰা কইনাৰ ভাত ৰান্ধিবলৈ ৰান্ধনী আহিছে। যোৱা সিহঁতক চবজিখিনি যোগাৰ কৰি দিয়াগৈ। ইয়াত ধুনপেচ মাৰি বহি থাকিব নালাগে।”
আনকি নিজ স্বামী অচিন্তৰ হাতত আসুৰিক ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি পিতৃৰ ঘৰলৈ উভতি অহাৰ পাছতো পিতৃৰ কথাত মান সন্মান ৰক্ষাৰ স্বাৰ্থত আকৌ একে অশান্তিৰ পৰিৱেশৰ মাজলৈ অচিন্তৰ লগত ঘুৰি যাব লগা হৈছিল। পৰৱৰ্তী সময়ত কাহিনীৰ পৰিৱৰ্তনত নীলাঞ্জনাই স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি নিজে ক্ৰমে দৰ্জী/ট্ৰেইলৰ,টিউচন, ব্যক্তিগত খণ্ডৰ শিক্ষক আৰু চৰকাৰী চাকৰি কৰি জীৱন অতিবাহিত কৰে। সেই নীলাঞ্জনাই পৰৱৰ্তী সময়ত ফেচবুক (মুখ কিতাপ)ত কবিতা লিখি প্ৰেমত পৰিছিল।
ঔপন্যাসিকে উপন্যাসখনত নীলাঞ্জনা চৰিত্ৰটোৰ দ্বাৰা এগৰাকী নাৰীৰ ধৈৰ্য,সাহস আৰু সহনশীলতাৰে যে যন্ত্ৰণাকাতৰ সময় পাৰ কৰিও সৃষ্টিশীল বা নিজকে স্বাৱলম্বী হ’ব পাৰি তাকেই ঔপন্যাসিক গৰাকীয়ে উপন্যাসখনত বৰ্ণনা কৰিছে। উপন্যাসখনত এগৰাকী নাৰীৰ দুখ বেদনা আৰু জীৱনত সন্মুখীন হৈ অহা অবৰ্ণনীয় পৰিস্থিতিক সুন্দৰ ৰূপত উপস্থাপন কৰিছে। এক কথা ক’ব গ’লে যুগান্ত দাসৰ “অলকা উৰোৱা বতাহত এখন কেঁচা কলিজাৰ কঁপনি ” উপন্যাসখন এখন সাৰ্থক উপন্যাস ।