গ্ৰন্থ সংৰক্ষণে একোটা জাতিৰ ইতিহাস সমৃদ্ধিশালী কৰেঃ ড° সূৰ্য্যকান্ত হাজৰিকা- ডিব্ৰুগড় সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান: সভাপতিক আদৰণি

গ্ৰন্থ সংৰক্ষণে একোটা জাতিৰ ইতিহাস সমৃদ্ধিশালী কৰেঃ ড° সূৰ্য্যকান্ত হাজৰিকা- ডিব্ৰুগড় সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান: সভাপতিক আদৰণি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰন্থ সংৰক্ষণে একোটা জাতিৰ ইতিহাস সমৃদ্ধিশালী কৰে ,জাতীয় জীৱনত গ্ৰন্থাগাৰৰ যিদৰে প্ৰয়োজন তেনেদৰেই গ্ৰন্থসমূহ উপযুক্ত সংৰক্ষণ কৰাৰো অতীৱ প্ৰয়োজন-এনে সংৰক্ষিত গ্ৰন্থসমূহৰ পৰাই।একো একোটা জাতিৰ কলা,শিক্ষা,সাংস্কৃতিক দিশত অতীজতে কিমান সমৃদ্ধ আছিল তাক অনুধাৱন কৰাত সহজ হয়—অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই আজি (১৮-২-২৩)ডিব্ৰুগড় সাহিত্য সভাৰ দ্বাৰা আয়োজিত এক সম্বৰ্ধণা অনুষ্ঠানত এনদৰেই ভাষণত কয়। গায়ন-বায়ন, বিহু দল, মিচিং জনগোষ্ঠীয় নৃত্য, ঝুমুৰ দলৰ জৰিয়তে বিপুল ভাৱে চৌকিডিঙী আঞ্চলিক কাৰ্যালয় পৰা ডিব্ৰুগড় সাহিত্য সভা লৈকে আদৰি নিয়াৰ পাছত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাক বিপুল ভাৱে সম্বৰ্ধনা জনোৱা হয়। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা তথা সভাপতি ড° শশীকান্ত শইকীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোছা,চেলেং চাদৰ, কপাহী চাদৰ, জাপি, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই তেওঁৰ ভাষণত লগতে কয় যে, যদিহে বৃটিছৰ দিনত অসমীয়া ভাষা,সংস্কৃতি, অভিধান,কলা,কৃষ্টিবোৰৰ গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ পাছত সংৰক্ষণ নকৰিলেহেতেন,হয়তো তাহানি দিনৰ ভাষা-সংস্কৃতিৰ বিষয়ে অনুধাৱন আমি কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। তেওঁ লগতে বৰ্তমানৰ ডিজিটেল সাহিত্য চৰ্চা সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে। তেওঁ অসম সাহিত্য সভাৰ পূৰ্বেই গঠিত হোৱা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ ইতিহাস ৰাইজৰ আগত বিবৰি কয় যে, ১৮৯৩ চনতেই গঠিত হোৱা ডিব্ৰুগড় শাখা সাহিত্য সভাৰ লগত অসম সাহিত্য সভাত এক সুকীয়া মৰ্যাদা আছে। কেইবাজনো বৰেণ্য ব্যক্তি ইতিমধ্যে ডিব্ৰুগড় সাহিত্য সভাৰ পৰাই গৈ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান টোৰ সভাপতিৰ আসন অলংকৃত কৰা বিষয়ে উল্লেখ কৰি ১৯৭৮ চনত ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বুলি কয়। ডিব্ৰুগড় সাহিত্য সভাৰ পৰাই তেওঁ অসম সাহিত্য সভাৰ মজিয়ালৈ গৈ অৱশেষত সভাপতি হোৱাৰ সুযোগ লাভ কৰা বুলি কয়। অনুষ্ঠানতে ডিব্ৰুগড় সাহিত্য সভাই প্ৰকাশ কৰা তথা বিজু শমাৰ দ্বাৰা সম্পাদিত বিশিষ্ট লেখিকা ড° ভাৰতী দত্তৰ গ্ৰন্থ ‘বিমৃশা-মঞ্জুষা ‘আৰু এগৰাকী শাৰীৰিক ভাৱে সক্ষম লেখক দিলীপ দত্তৰ ষষ্ঠ খন গ্ৰন্থ ‘ৰজনীগন্ধা’ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই।অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চেটেলাইট নিউজ চেনেল ‘এনডি ২৪’ৰ পৰিচালন সঞ্চালক কিশোৰ বৰা।বৰাই নিজৰ ভাষণ প্ৰসংগত ডিব্ৰুগড় সাহিত্য সভাক তেওঁৰ প্ৰয়াত পিতৃ থানেশ্বৰ বৰাই দি যোৱা অৱদান বিষয়ে স্মৰণ কৰি শৈশৱ অৱস্থাৰ পৰাই ডিব্ৰুগড় সাহিত্য সভাৰ জৰিয়তে বিশিষ্ট ব্যক্তি সকলৰ সান্নিধ্যৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে, কিশোৰ বৰাৰ পিতৃৰ স্মৰণত ইতিমধ্যে ডিব্ৰুগড় সাহিত্য সভাৰ এটা অতিথি শালা নামাকৰণ কৰে। আনহাতে আজি উপস্থিত থকা কিশোৰ বৰাই ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনটো অত্যাধুনিক ভাৱে পূৰ্ণ নিৰ্মাণ কৰি দিব বুলি আশ্বাস প্ৰদান কৰে।।সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন মূৰব্বী অধ্যাপিকা, বিশিষ্ট লেখিকা ড° কৰবী ডেকা হাজৰিকা, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিকৰ সম্পাদক ভূৱন মোহন গোস্বামী,ডিব্ৰুগড় সাহিত্য সভাৰ উপসভাপতি বিভাস দুৱৰা, ড° ভাৰতী দত্ত , দিলীপ দত্ত,উপস্থিত থাকে।অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ , দিগন্ত কাকতি,টাইপাৰ সভাপতি ৰাণা ৰঞ্জন গগৈ , কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দিগন্ত শইকীয়া,মেছ কছাৰী জাতীয় পৰিষদৰ মনোজ কছাৰী,মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশান্ত চেতিয়া,বিমান বৰা, নগৰ সমিতিৰ দিগন্ত গগৈ,মটক যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদক বিতোপন দুৱৰা, ডিব্ৰুগড় লায়ন্স ক্লাব, জেউতি আলয় স্বেচ্ছাসেৱী অনুষ্ঠানৰ ৰূপামণি গগৈ,নিজৰা গগৈ, বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ বিতুমণি ফুকন,চন্দনা শৰ্মা, মহীয়সী সেউজী সাহিত্য মঞ্চ ৰ দীপিকা গগৈ, দীপিকা বৰা,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ হৈ হিৰণ্য কৌশিক বৰা, সখীয়া মহিলা মঞ্চৰ কবিতা শৰ্মা,অগ্ৰগামী মহিলা সন্মিলনৰ জোনালী খাউণ্ড,মানসী বৰুৱা, ডিব্ৰুগড় মহিলা সাহিত্য কানন ৰ প্ৰণতি দত্ত সম্বৰ্ধনা জনোৱা লগতে লেখক ক্ষীৰোদ ফুকন, লেখিকা অৰ্পনা ফুকন দাস আৰু লেখক গৌৰৱ দাসে গ্ৰন্থৰ টোপোলাৰে আৰু উদীয়মান শিল্পী জিমি জিজ্ঞাসা বৰুৱা সহ শতাধিক সংগঠনে ড° সূৰ্যকান্ত হাজৰিকাক সম্বৰ্ধনা জনায়। অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমান অসম সাহিত্য সভাৰ আলোচনা ” সাহিত্য সভা সংবাদৰ” সম্পাদক গৌতম গগৈয়ে ডিব্ৰুগড় সাহিত্য সভালৈ অসম সাহিত্য সভাৰ বৰেণ্য সভাপতি সকলৰ তালিকা সম্বলিত এখন বৃহৎ ফটো প্ৰদান কৰে। আনহাতে প্ৰায় চাৰি শতাধিক লোক উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত নৃত্যাংগন কলা কেন্দ্ৰৰ ছাত্ৰী সকলে নৃত্য গুৰু ৰুবী গগৈ সন্দিকৈ পৰিচালনাত ‘জোন জোন জোনাকী পৰুৱা “শীৰ্ষক গীতটি আৰু চ্যুকাফা শীৰ্ষক গীতত দুটিকৈ দলীয় নৃত্য পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।আনহাতে সভাৰ আৰম্ভণিতে ড° চুমী ফুকনৰ নেতৃত্বত ডিব্ৰুগড় সাহিত্য সভা আৰু সখীয়া মহিলা মঞ্চ সদস্যা সকলে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিবেশন কৰা লগতে সামৰণিত জাতীয় সংগীত পৰিবেশন কৰে।