গ্ৰন্থ- বাহাৰুল ইছলাম ,বালিজান, মৰিগাঁও

p.c- pexels
গ্ৰন্থ
গজালি নেমেলা সপোনবোৰ
গুজি থোৱা আছে মোৰ হৃদয়ৰ মণিকোঠাত
পাতে পাতে সিঁচৰিত হৈ আছে
আধাসিজা আশাবোৰ
জোনাকৰ কিৰণত তিৰবিৰাই থাকে
অবিনাশী জ্যোতিৰ ভাণ্ডাৰ কত
জীৱন-যৌৱনৰ বিধান যত
শব্দৰ মায়াজালত আছে
জী থকাৰ বিশুদ্ধ অম্লজান।
খোদিত হয় যুগ-যুগান্তৰৰ অনেক কথা
পূৰ্ণতা পায় ইতিহাস
শব্দৰ কোমল পৰশত গঢ় লয় দফাবোৰ
বন্ধু হৈ বৈ যাওঁ হৃদয়ৰ পৰা হৃদয়লৈ
সংগী হওঁ নিসংগতাৰ।
থোপাই থোৱা অবিনাশী ধন
যাৰ নাই মৰণ
নাই যাৰ হৰণ-ভগন
এক অনন্য ভাণ্ডাৰ
জোনাকৰ চোতালৰ পৰা মংগল গ্ৰহলৈ
পাতালপুৰী ভেদী গগণক আকোঁৱালি লওঁ
এক অনন্য মাধ্যম মই
আদিৰ পৰা অন্তলৈ সজা
এটি উজু, এটি সমৃদ্ধিশালী পথ
অংকিত হৈছে
জীৱনৰ পাতনি কিম্বা অন্ত।
প্ৰতিটো অধ্যায়, প্ৰতিটো দফাত আছে
আদৰ্শৰ জীয়া পণবোৰ
যিবোৰে নাচে হৃদয়ৰ ভাঁজে ভাঁজে
জহান্নামৰ দূৰ্গন্ধত ঢালি দিয়ে
সৰগৰ সুগন্ধি,
এমুঠি বিক্ৰম কিৰণেৰে
অমাৱস্যাক শূলে বিন্ধে
অমূল্য সম্পদ
অতীত, বৰ্তমান আনকি অনাগত ভৱিষ্যতৰ।
মহা মহা মুনিষীৰ সাধনাৰ ফচল
আৰ্শীবাদত গঢ় লয় সভ্যতা
সিঁচৰিত হয় ৰং-ৰহইচ
বাট দেখুৱায়
ৰঙা, নীলা, সেউজীয়া পিন্ধি
কঢ়িয়াই সযতনে
জীয়া স্মৃতিবোৰ যুগ-যুগান্তৰ ধৰি।
মোৰ পৰশত শান্তি প্রতিষ্ঠা কৰা
বন্ধু হৈ পূৰণ কৰা
জগতৰ ৰঙীন আশা আৰু সপোনবোৰ
যিবোৰ ওলমি আছে শূন্যত।