গ্ৰন্থ পৰিচয়-গায়ত্ৰী দেৱীৰ ‘প্ৰাপ্তি’
অঞ্জু শাণ্ডিল্য
আমাৰ যোৰহাটৰ ঘৰখনৰ ওচৰত থকা এটা ঘৰ ।ঘৰখনক পশ্চিম যোৰহাটৰ মানুহে ‘মহাশয়ৰ ঘৰ ‘বুলি কয়।সেই খন ঘৰৰ জীয়ৰী গ্ৰায়ত্ৰী দেৱী বৰ্তমান নগাঁওৰ নিগাজী বাসিন্দা ।সৰুৰে পৰা তেওক লগ পাই আহিছো।ঢাপকটা বৰ সত্ৰৰ বিয়া, সকাম,সামাজিক -সাঙ্কৃতিক অনুষ্ঠানলৈ গৈ তেও হাতে-কামে সহযোগিতা আগবঢ়াইছিল ।সেই সময়ত আনসকলৰ লগতে মামু আৰু আমি আছিলো।আন কোনো নগ’লেও আমি তিনিজনী গৈছিলো ।আৰু সেইজনী কাকু(গায়ত্ৰী দেৱী) য়ে লেখি উলিয়াইছে প্ৰাপ্তি শীৰ্ষক এখন গল্প আৰু কবিতাৰ সঙ্কলন।গ্ৰন্থ খন পঢ়িবলৈ লৈ আপ্লুত হৈ পৰিলো ।ইমান মনোগ্ৰাহীকৈ গল্প আৰু কবিতা লিখিছে!কেইবাটাও গল্পই মন চুই গ’ল।সহজ-সৰল বাক্য গাঠনি,শব্দৰ ব্যৱহাৰেৰে গল্পবোৰ পাঠকৰ সহজেই বোধগম্য ।কবিতাৰ ক্ষেত্ৰটো একে কথা ।কম কথাত বহুত ঘটনা, পৰিঘটনাৰ নিখুঁত ছবি একোখন ফুটাই তুলিছে ।”চোতালখন আইৰ হাতৰ বাহনি কাঠিৰে/আকি যোৱা বক্ৰৰেখাবোৰ/খোজৰ চিনত শেতা পৰিছে ।”(সোঁৱৰণ,পৃষ্ঠা -৫৯) সূৰুযৰ হেঙুলীয়া বৰণ বুকুত সাবটি,/পথাৰৰ বকিয়াবোৰত সেউজীয়াবোৰ জীপাল হয় ।(সপোন, পৃষ্ঠা -৬২). “পাহাৰৰ ওপৰেৰে গৈ আছো/আগতে নোযোৱা ঠাইখনলৈ।” (যন্ত্ৰণা, পৃষ্ঠা -৭২). গল্পবোৰ পঢ়ি বহুত পৃষ্ঠা মনত ৰৈ গ’ল_”দুয়ো ভাই-ককাই নীৰব হৈ পৰিল।”তহতি সোনকালে যাগৈ যা,গাড়ীৰ ওচৰতে মোনা দুটা থৈছো,বাৰীৰ পাচলি।লৈ যাবি।”(খবৰ, পৃষ্ঠা -১৯). “ৰিণিৰ লাজ লাগি গ’ল।গাড়ী ৰিণিৰ ঘৰৰ ফালে আগবাঢ়িল।” (অপেক্ষাৰ শেষত,পৃষ্ঠা -৩৯). “প্ৰথম কথাষাৰ জীয়েক জোনাৰ মুখৰপৰাই ওলাল,” ত ই বৰ স্বাৰ্থপৰ মা।”জবাৰ মনটো মৰহি গ’ল।জীয়েকেই যদি নুবুজে কোনে বুজিব ঘৰখনত।”(স্বাৰ্থপৰ,পৃষ্ঠা -৪০). “বৌৱেক আচৰিত গ’ল,” তেনেকৈ কিয় কৈছা নয়ন,অন্ধ বাবেতো কোনো অসুবিধা হোৱা নাই, ইমান ধুনীয়াকৈ দোকান চলোৱা, চুমুক অনা নিয়া কৰা,চুমুৱে দেখোন তুমি নহ’লে থাকিবই নোৱাৰে।”(সঙযোগ,পৃষ্ঠা -৪৮)
আমাৰ সমাজত সচৰাচৰ ঘটি থকা কাহিনীৰে গল্পবোৰ সজাই তোলা হৈছে ।নাতিদীৰ্ঘ গল্পবোৰ পঢ়ি পাঠকৰ আমনি নালাগে ।সামাজিক মাধ্যমেৰে সাহিত্যি চৰ্চা কৰি সেইবোৰ গ্ৰন্থ আকাৰত প্ৰকাশ কৰা কাকুলৈ শুভেচ্ছা জনাইছো ।এই যাত্ৰা অব্যাহত থাকে যেন।প্ৰকাশিকা মৃগাক্ষী বৰঠাকুৰেও কৈছে_”আশাকৰো এয়াই শেষ নহ ক।মাৰ সাহিত্যি চৰ্চা অব্যাহত থাকক।”(প্ৰকাশিকাৰ একাষাৰ). অনুৰাগ শ শইকীয়াৰ প্ৰচ্ছদেৰে গ্ৰন্থ খন আকৰ্ষণীয় হৈছে ।৮০পৃষ্ঠাৰ গ্ৰন্থ খনৰ মূল্য মাত্ৰ ১০০টকা।