গ্ৰন্থ উন্মোচন- ডঃ হীৰেন গোহাঁইৰ লগত অন্তৰংগ আলাপ

গ্ৰন্থ উন্মোচন- ডঃ হীৰেন গোহাঁইৰ লগত অন্তৰংগ আলাপ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ দীঘলীপুখুৰীপাৰস্থিত অসম সাহিত্য সভা ভৱনৰ লক্ষীৰাম বৰুৱা সদনত অসমৰ কবি, প্ৰবন্ধকাৰ ধ্ৰুৱজ্যোতি দাসৰ সম্পাদনাত ডঃ হীৰেন গোহাঁই সন্দৰ্ভত প্ৰকাশ কৰা এখন গ্ৰন্থ ( ডঃ হীৰেন গোহাঁই কোন)ৰ উন্মোচন কৰে৷ ডঃ হীৰেন গোহাঁইৰ উপস্থিতিত তথা তেওঁৰ লগত এটি অন্তৰংগ আলাপৰ অনুষ্ঠানো আয়োজন কৰে। উক্ত অনুষ্ঠানত ডঃ হীৰেন গোহাঁইৰ পত্নী ৰাণী গোহাঁইয়ে অনুষ্ঠানৰ পোন প্ৰথমে বন্তি প্ৰজ্বলন কৰে। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক,চিন্তাবিদ, প্ৰৱন্ধকাৰ প্ৰভাত বৰাই। আজিৰ এই অনুষ্ঠানত প্ৰকাশক ধীৰাজ কুমাৰ লহকৰ, চিত্ৰ নিৰ্মাতা অপূৰ্ব শৰ্মা,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্ত,প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বিভিন্ন বক্তাৰ ভাষণৰ অন্তত: ডঃ হীৰেন গোহাঁইয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে মই কোন? এই কথা জনসাধাৰণৰ মাজতটো ওলাই আনকি মন্ত্ৰী বিধায়াকেও কয়। তেওঁ ভাষণ প্ৰসংগত আৰু কয় চৰকাৰৰ বিৰুদ্ধে আপোচ বিহীন সংগ্ৰাম চলাই যোৱাৰ বাবে তেওঁ কেতিয়াও কুণ্ঠাবোধ নকৰে। দেশত জি চৰকাৰেই নাথাকক কিয় এই সংগ্ৰাম অসমৰ ৰাইজৰ হকে সদাই চলি থাকিব। আন এটি বক্তব্যত ৰাণী গোহাঁই য়ে কয় যে ডঃ হীৰেন গোহাঁই ৰাইজৰ বাবেহে জীয়াই আছে। সাংবাদিক নিতুমনি শইকীয়াই ডঃ গোহাঁইক জাতিৰ অভিভাৱক বুলি অভিহিত কৰে। আৰু যদি অসমৰ ৫ জন শ্ৰেষ্ঠ বুদ্ধি জীৱিৰ বা বৌদ্ধিক জগতৰ নামৰ তালিকা প্ৰকাশ কৰিব লগীয়া হয় তেন্তে সেই তালিকাত ডঃ গোহাঁইৰ নামটো অন্তৰ্ভুক্ত হ’ব বুলি তেওঁ উল্লেখ কৰে৷