গ্ৰন্থৰ সংকট, যুৱ লেখক সন্মান আৰু যুৱ প্ৰজন্মৰ দায়বদ্ধতা
দ্বীপেন বৰুৱা
গ্ৰন্থ হ’ল মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৌদ্ধিক সম্পদ। মানৱ সভ্যতাৰ ইতিহাসত জ্ঞান সংৰক্ষণ, চিন্তাৰ বিকাশ আৰু সংস্কৃতিৰ উত্তৰণত গ্ৰন্থই মুখ্য ভূমিকা পালন কৰি আহিছে। বেদ, উপনিষদ, কোৰাণ, বাইবেলৰ পৰা আৰম্ভ কৰি আধুনিক সাহিত্য-গ্ৰন্থলৈকে সকলোৱেই মানৱ সমাজক চিন্তাশীল, সংবেদনশীল আৰু দায়িত্বশীল কৰি গঢ়ি তুলিছে। গ্ৰন্থ কেৱল কাগজৰ সংকলন নহয়; ই যুগৰ চিন্তা, অনুভৱ আৰু অভিজ্ঞতাৰ জীৱন্ত দলিল।
ৰোমান দাৰ্শনিক মাৰ্কুজ টুলিউচ চিচেৰ’ৰ এষাৰ বিখ্যাত উক্তি হৈছে- গ্ৰন্থবিহীন একোটা কোঠা আত্মাবিহীন এটা শৰীৰৰ দৰে (A room without books is like a body without a soul)৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গেও কৈ গৈছে, ‘কিতাপ নথকা এটা জাতিক গামোচাই বচাব নোৱাৰে৷’ আন আন বহুতো মহান ব্যক্তি তথা চিন্তাবিদে গ্ৰন্থৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্বপূৰ্ণ উক্তি আগবঢ়াই গৈছে৷ নিয়মিত গ্ৰন্থ অধ্যয়নে ভাষাগত দক্ষতা বৃদ্ধি কৰাৰ লগতে নৈতিক মূল্যবোধ গঢ় দিয়ে আৰু সমালোচনামূলক দৃষ্টিভংগী বিকশিত কৰে৷ তদুপৰি, ইয়াৰ জৰিয়তে ব্যক্তি আৰু সমাজৰ মাজত সংযোগ স্থাপন হয়৷ বিশেষকৈ সাহিত্য, ইতিহাস, দৰ্শন আৰু সমাজবিজ্ঞানমূলক গ্ৰন্থ অধ্যয়নে যুৱ প্ৰজন্মক দায়িত্বশীল নাগৰিক হিচাপেও গঢ়ি তোলে। পণ্ডিতসকলে কৈছে যে গ্ৰন্থ হ’ল মানৱ জীৱনৰ সকলোতকৈ জ্ঞানী বন্ধু, নিৰহংকাৰী শিক্ষক, দূৰদৰ্শী মাৰ্গদৰ্শক আৰু বিপদত সংগ ত্যাগ নকৰা আটাইতকৈ বিশ্বাসী লগৰীয়া৷
যুগে-যুগে গ্ৰন্থই জ্ঞানৰ সঞ্চাৰ কৰিছে, সভ্যতা গঢ়িছে আৰু সমাজক বাটৰ সন্ধান দিছে৷ কিন্তু বৰ্তমান সময়ত প্রযুক্তিগত বিকাশ, দ্ৰুত জীৱনধাৰা আৰু ভিন্ন বিনোদন মাধ্যমৰ প্ৰভাৱত গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা স্পষ্টভাৱে হ্ৰাস পাইছে। এই পৰিস্থিতিক নিঃসন্দেহে গ্ৰন্থৰ সংকট বুলি ক’ব পাৰি। আজিৰ ডিজিটেল যুগত ম’বাইল ফোন, সামাজিক মাধ্যম, ভিডিঅ’ গেম আদি যুৱ প্ৰজন্মৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ফলস্বৰূপে পঢ়াৰ সময় আৰু ধৈৰ্য দুয়ো কমি গৈছে। বহুতে গ্ৰন্থক কেৱল পৰীক্ষাৰ সামগ্ৰী হিচাপে গণ্য কৰে; আনন্দ, চিন্তা বা আত্মবিকাশৰ উৎস হিচাপে নহয়। গ্ৰন্থাগাৰৰ ব্যৱহাৰ হ্ৰাস, কিতাপৰ মূল্যবৃদ্ধি, স্থানীয় প্ৰকাশন উদ্যোগৰ সীমাবদ্ধতা আদিয়েও এই সংকটক তীব্ৰ কৰি তুলিছে। এই সংকটৰ প্ৰভাৱ বহুমুখী হ’ব পাৰে। কিতাপ নপঢ়া একোটা প্ৰজন্মই গভীৰ চিন্তা, ভাষাগত দক্ষতা আৰু সমালোচনামূলক বোধ হেৰুৱাৰ আশংকা থাকে। সামাজিক মাধ্যমৰ সংক্ষিপ্ত, ত্বৰিত তথ্যই ধৈৰ্যশীলতাৰে পঢ়াৰ অভ্যাস ধ্বংস কৰে। ইয়াৰ ফলত ব্যক্তিত্ব গঠন, নৈতিকতা আৰু সমাজবোধত নেতিবাচক প্ৰভাৱ পৰে।
অসমীয়া সমাজত এসময়ত গ্ৰন্থ অধ্যয়নৰ এক সমৃদ্ধ পৰম্পৰা আছিল। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ-মাধৱদেৱৰ সময়ৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, হেমচন্দ্ৰ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আদি বহুতো শিল্পী-সাহিত্যিকে গ্ৰন্থ আন্দোলনৰ জৰিয়তে সমাজ নিৰ্মাণৰ প্ৰয়াস কৰিছিল। সেই সময়ত সমাজৰ শিক্ষিত লোকসকলৰ অধিকাংশৰে গ্ৰন্থ অধ্যয়নৰ এক নিয়মীয়া অভ্যাস আছিল৷ ঘৰে-ঘৰে আলোচনী, উপন্যাস, নাটক, বাতৰিকাকত আদি কিনি পঢ়িছিল৷ কিন্তু বৰ্তমান সময়ত এই পৰম্পৰা লুপ্তপ্ৰায় হৈছে। বিদ্যালয়-মহাবিদ্যালয়ত পাঠ্যপুথিৰ বাহিৰে অন্য গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা কমিছে। পৰীক্ষামুখী শিক্ষা ব্যৱস্থাই সাহিত্য পঠনক গৌণ কৰি তুলিছে। ই প্ৰকৃততে গ্ৰন্থৰ সংকটৰ এক সামাজিক দিশ। বৰ্তমান অসমীয়া ভাষাত গ্ৰন্থ প্ৰকাশ হ’লেও তাৰ পাঠকৰ সংখ্যা অতি সীমিত। বহুক্ষেত্ৰত লেখকে নিজ খৰচত গ্ৰন্থ প্ৰকাশ কৰিবলগীয়া হয়। প্ৰকাশকসকলেও লাভৰ আশংকাত নতুন লেখকৰ পাণ্ডুলিপি গ্ৰহণ কৰিবলৈ অনীহা প্ৰকাশ কৰে। ফলত সম্ভাৱনাময় যুৱ লেখকসকলৰ বহু সৃষ্টি অপ্ৰকাশিত অৱস্থাতে ৰৈ যায়। প্রকৃততে লেখক আৰু পাঠক- দুয়োটাই একেটা মুদ্ৰাৰ দুটা পিঠি। পাঠক নাথাকিলে লেখক হতাশ হয়; লেখক নাথাকিলে নতুন সাহিত্য সৃষ্টি নহয়।
গ্ৰন্থ আৰু সাহিত্যৰ সংকট মোকাবিলা কৰিবলৈ অসম চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰন্থ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবেই হওক নাইবা যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ বাবে আগ্ৰহী কৰি তোলাৰ বাবেই হওক, ২০২৫ বৰ্ষটোক চৰকাৰে গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰিলে৷ ইয়াৰ জৰিয়তে নতুন গ্ৰন্থ প্ৰকাশ, গ্ৰন্থ ক্ৰয় আঁচনি, ৰাজহুৱা পুথিভঁৰাল উন্নয়ন, জিলাই-জিলাই গ্ৰন্থমেলা আদি অনুষ্ঠিত কৰি এক পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰাটো নিঃসন্দেহে গুৰুত্বপূৰ্ণ৷ ইয়াৰ লগত সংগতি ৰাখি অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা ৮১৮ গৰকীকৈ ৪০ বছৰ অনূৰ্ধ্ব যুৱ লেখক-লেখিকাক যুৱ লেখক সন্মান প্ৰদান কৰি নতুন লেখকক উৎসাহিত কৰাৰ চেষ্টা কৰিছে। অসম চৰকাৰৰ ই এক প্ৰশংসনীয় পদক্ষেপ৷
যুৱ লেখক সন্মান প্ৰদানৰ মূল উদ্দেশ্য হৈছে নবীন আৰু উদীয়মান লেখকক চিনাক্ত কৰা, তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভাক স্বীকৃতি দিয়া আৰু সাহিত্য সাধনাত আগবঢ়াৰ বাবে অনুপ্ৰেৰণা যোগোৱা। সাধাৰণতে এই সন্মানৰ জৰিয়তে লেখকসকলে কেৱল আৰ্থিক সহায় নহয়, সামাজিক সন্মান আৰু পাঠকৰ মনোযোগো লাভ কৰে। এনে সন্মান লাভ কৰাৰ পিছত এজন যুৱ লেখকে নিশ্চয়কৈ নিজৰ সাহিত্যিক দায়িত্ব আৰু আত্মচেতনা অধিক গভীৰভাৱে অনুভৱ কৰিবলৈ আৰম্ভ কৰিব৷ কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে এই সন্মান প্ৰদানৰ মাপকাঠি কিমান স্বচ্ছ আৰু নিকা৷ সকলোৰে ক্ষেত্ৰত নহ’লেও কিছু সংখ্যক যুৱ লেখকৰ ক্ষেত্ৰত সাহিত্যিক গুণগত মানৰ তুলনাত ব্যক্তিগত চিনাকি কিম্বা ৰাজনৈতিক পৃষ্ঠপোষকতাৰো ভূমিকা আছে নেকি? এই প্ৰশ্নসমূহৰ উত্তৰ নোপোৱালৈকে যুৱ লেখক সন্মানৰ প্ৰকৃত মৰ্যাদা কিছু ক্ষেত্ৰত বিতৰ্কিত হৈ পৰিব৷
যদিও যুৱ লেখক বঁটা বা সন্মান এক গুৰুত্বপূৰ্ণ পদক্ষেপ; তথাপিও ইয়াৰ কিছুমান সীমাবদ্ধতা স্পষ্ট। নতুন লেখক সৃষ্টি কেৱল বঁটা প্ৰদানেই নহয়; ই এক দীঘলীয়া প্ৰক্ৰিয়া। লেখক সৃষ্টিৰ বাবে পাঠ অভ্যাস, সমালোচনাৰ পৰিৱেশ, সম্পাদকীয় সহায় আৰু প্ৰকাশৰ সুযোগ প্ৰয়োজন। বহু সময়ত সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্য সমাজ বা সাহিত্য নহৈ কেৱল বঁটা লাভ হৈ পৰে। যুৱ লেখক হোৱাটো কেৱল বয়সৰ বিষয় নহয়; ই এক মানসিক অৱস্থা আৰু সৃষ্টিশীল দায়িত্বৰ প্ৰতিফলন। গতিকে যুৱ লেখকসকলৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ’ব- সমাজৰ সত্য ৰূপটো সাহসিকতাৰে উন্মোচন কৰা। তেওঁলোকে সমাজৰ বৈষম্য, অন্যায়, দমন-পীড়ন, নাৰী সমস্যা, যুৱ সমস্যা আদিৰ লগতে ভাষা আৰু সংস্কৃতিৰ সংকটক নিজৰ লেখনিৰ জৰিয়তে প্ৰকাশ কৰিব লাগিব৷ তদুপৰি, যুৱ লেখকসকলৰ কৰ্তব্য হৈছে ভাষাৰ শুদ্ধতা আৰু সৌন্দৰ্য ৰক্ষা কৰা। আধুনিকতা বা পৰীক্ষামূলক সাহিত্যৰ নামত যদি ভাষাৰ মৌলিক গঠন আৰু স্বাভাৱিক সৌন্দৰ্য নষ্ট হয়, তেন্তে ই ভাষাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সেয়েহে পৰীক্ষা-নিৰীক্ষা আৰু পৰম্পৰাৰ মাজত এক সুস্থ সামঞ্জস্য ৰক্ষা কৰাটো যুৱ লেখকসকলৰ গুৰুত্বপূৰ্ণ কৰ্তব্য। যুৱ লেখকসকলে আত্মপ্ৰচাৰ বা সন্মান লাভকেই মুখ্য লক্ষ্য হিচাপে নধৰি সাহিত্যক সমাজ সেৱাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰে৷ তেওঁলোকে সততে লক্ষ্য কৰিব লাগিব যে এই সন্মান কোনো এক চৰকাৰী হিতাধিকাৰী আঁচনি নহয়; বৰং সাহিত্যিক সমাজৰ বাবে এক সাংস্কৃতিক দায়বদ্ধতা আৰু সামাজিক সংকল্পৰ প্ৰতীক। এই সীমাবদ্ধতাবোৰ নোহোৱা কৰিলে যুৱ লেখক সন্মানে অধিক ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে৷
গ্ৰন্থৰ সংকটৰ দায়িত্ব কেৱল লেখক বা চৰকাৰৰ ওপৰতেই নহয়; ইয়াৰ বাবে যুৱ প্ৰজন্মৰ সামূহিক দায়বদ্ধতা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দায়বদ্ধতা হৈছে একোগৰাকী সচেতন পাঠক হিচাপে ভূমিকা পালন কৰা৷ যুৱ প্ৰজন্মই যদি নিজৰ ভাষাৰ গ্ৰন্থ নপঢ়ে, তেন্তে সেই ভাষাৰ সাহিত্য টিকি থাকিব নোৱাৰে। বছৰত অন্ততঃ কিছু সংখ্যক গ্ৰন্থ কিনি পঢ়া, গ্ৰন্থমেলা, সাহিত্য সভাত অংশগ্ৰহণ কৰাটো এক সামাজিক দায়িত্ব। দ্বিতীয় দায়বদ্ধতা হৈছে সমালোচনামূলক চিন্তাৰ বিকাশ৷ কেৱল বিনোদনমূলক সাহিত্যত সীমাবদ্ধ নাথাকি চিন্তাশীল প্ৰৱন্ধ-সমালোচনা পঢ়াৰ অভ্যাস গঢ়ি তোলাটো যুৱ প্ৰজন্মৰ দায়িত্ব। তৃতীয়টো দায়বদ্ধতা হৈছে সৃষ্টিশীল অংশগ্ৰহণ৷ যুৱ প্ৰজন্মই কবিতা, গল্প, প্ৰৱন্ধ, সমালোচনা আদি লিখি সাহিত্য-চৰ্চাত সক্ৰিয় ভূমিকা ল’ব লাগিব। ডিজিটেল মাধ্যমক গ্ৰন্থবিৰোধী নহয়, বৰঞ্চ গ্ৰন্থ প্ৰচাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগিব৷
শেষত ক’ব পাৰি যে যুৱ লেখক সন্মান কেৱল এক প্ৰাপ্তি নহয়; ই এক দায়িত্বৰ আৰম্ভণি। যুৱ লেখকৰ দায়িত্ব হৈছে সমাজৰ প্ৰকৃত কণ্ঠস্বৰ হোৱা, ভাষা আৰু সংস্কৃতিৰ সুৰক্ষা কৰা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সজীৱ সাহিত্যিক ঐতিহ্য গঢ়ি তোলা। যুৱ লেখক সন্মান গ্ৰন্থৰ সংকট লাঘৱ কৰাৰ এক ইতিবাচক উদ্যোগ হ’লেও, ই একমাত্ৰ সমাধান নহয়। সাহিত্য কেৱল সন্মান লাভৰ বাবে নহয়; ই সমাজ, সময় আৰু মানুহৰ সৈতে সংযুক্ত৷ এই সংযোগ জীৱন্ত কৰি ৰাখিবলৈ যুৱ প্ৰজন্মই একো-একোগৰাকী সচেতন লেখক আৰু সংবেদনশীল নাগৰিক হিচাপে আগবাঢ়ি আহিব লাগিব। অসম চৰকাৰ তথা অসম প্ৰকাশন পৰিষদেও অনাগত দিনত যুৱ লেখকৰ বাবে অধিক স্বচ্ছ, গণতান্ত্ৰিক আৰু সময়োপযোগী ব্যৱস্থা গঢ়ি তুলিব লাগিব। সমান্তৰালভাৱে যুৱ লেখকসকলেও আত্মসমালোচনাৰ দৃষ্টিভংগী গ্ৰহণ কৰি নিজৰ লেখনিৰ মান উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। তেতিয়াহে গ্ৰন্থই পুনৰ সমাজৰ কেন্দ্ৰবিন্দুত স্থান পাব আৰু সাহিত্য সমাজৰ দিশনিৰ্দেশক হৈ উঠিব।
(ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ)
