গ্ৰন্থলোকঃ অসম গ্ৰন্থমেলা,শিলচৰত আলোচনা সত্ৰ
উদ্দেশ্য আৰু আৱেদনৰ বাবেই গ্ৰন্থ বৰ্তি আছেঃ সৌম্যদ্বীপ দত্ত
মাতৃভাষাত সাহিত্যৰ সমৃদ্ধিত গুৰুত্ব দিয়া উচিতঃ ড° দীপ্যেন্দু দাস
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলা কালিৰে পৰা আৰম্ভ হৈছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰত আজি বিয়লি ২-৩০ বজাৰ পৰা অনুষ্ঠিত হয় “গ্ৰন্থলোক” শীৰ্ষক কিতাপৰ বিষয়ে এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই আলোচনা সত্ৰখন সঞ্চালনা কৰি কয় যে গ্ৰন্থ এখন ৰচনা কৰাত গ্ৰন্থকাৰৰ এটি নিৰ্দিষ্ট উদ্দেশ্য থকা উচিত ৷ কাৰণ উদ্দেশ্যবিহীনভাৱে কিতাপ এখন লিখাৰ কোনো অৰ্থ নাই ৷ উদ্দেশ্য থাকিলে লক্ষ্যস্থানৰ দিশে ধাৱিত হ’ব পাৰে ৷ সম্প্ৰতি সমাজিক মাধ্যমৰ বিপুল প্ৰসাৰ আৰু আগ্ৰাসনৰ মাজতো গ্ৰন্থ নিজস্ব মহিমাৰে বৰ্তি থকাৰ ঘাই কাৰণ হৈছে উদ্দেশ্য আৰু আৱেদন ৷ গ্ৰন্থৰ উদ্দেশ্যধৰ্মীতাৰ বিষয়ে উদাহৰণ দি দত্তই প্ৰমোদ কলিতাৰ উপন্যাস “উৰি গ’ল ৰাজহংস”ৰ প্ৰসংগ উত্থাপন কৰি কয় যে দেশ বিভাজনৰ পৰিণতিত হিন্দু বাঙালীসকলৰ দুৰ্দশা আৰু বেদনা এই উপন্যাসৰ বিষয়বস্তু ৷ এগৰাকী অসমীয়া লেখক হৈও প্ৰমোদ কলিতাই হিন্দু বাঙালীসকলৰ মৰ্মবেদনা প্ৰকাশ কৰাটো অতি তাৎপৰ্যপূৰ্ণ কথা ৷ ইয়াৰ বাবে ঔপন্যাসিক কলিতাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৷ বিষয় প্ৰসংগৰে দত্তই ইতিহাস ৰচনাকাৰী সকলক উদ্দেশ্যি কয় যে ইতিহাসকাৰ আৰু বুদ্ধিজীৱী সকলে কিছুমান বিষয় বাদ দি ইতিহাস ৰচনা কৰাৰ প্ৰৱণতা ত্যাগ কৰা উচিত ৷ বৃহত্তৰ স্বাৰ্থত তেওঁ কামৰূপীয় দৃষ্টিভংগীৰ কথাও উল্লেখ কৰি কয় ——“কিতাপক যদি কেৱল আমোদৰ বিষয় হিচাপে গণ্য কৰা হয় তেন্তে কিতাপৰ মৃত্যু অনিবাৰ্য ৷ যি সকলে জ্ঞান অন্বেষণৰ বাবে কিতাপ পঢ়ে তেওঁলোকে সদায়ে পঢ়িব ৷” ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়, শিলচৰৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° দীপ্যেন্দু দাসে ৷ বক্তব্যৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিষয় প্ৰসংগত তেওঁ কয় ——“ আজিৰ ডিজিটেল যুগত গ্ৰন্থ কেনেদৰে প্ৰস্তুত আৰু ব্যৱহাৰ কৰা হ’ব, অধ্যয়নৰ পদ্ধতি কেনেকুৱা হোৱা উচিত এই বিষয়ে বিজ্ঞানসন্মত আলোচনাৰ প্ৰয়োজন আছে ৷সম্প্ৰতি নাটক, চিনেমা আদি চোৱা আৰু ইয়াৰ বিষয় বা পটভূমি গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰৱণতা কমি আহিছে ৷ কাৰণ মানুহৰ মনঃসংযোগৰ অভাৱ ঘটিছে ৷ তথাপি আমাৰ মাজত কিতাপ পঢ়া মানুহ আছে ৷ মানুহৰ মনত গভীৰভাৱে সাঁচ বহুৱাবৰ বাবে মাতৃভাষাৰ জৰিয়তে লেখক সকলে সাহিত্যৰ সমৃদ্ধিত গুৰুত্ব আৰোপ কৰা উচিত ৷ সাহিত্যৰ বিনোদন হ’ব লাগিব মানসিক প্ৰশান্তি দিব পৰাকৈ গভীৰ ভাবাপন্ন ৷” তেওঁ প্ৰমোদ কলিতাৰ “উৰি গ’ল ৰাজহংস” উপন্যাসৰ প্ৰসংগ উল্লেখ কৰি দেশ বিভাজনক লৈ অধিক সাহিত্য ৰচনা হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, শিলচৰৰ আজি দ্বিতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে নৱজাগৰণ বিদ্যালয়, ডেফ’ডিল স্কুল আৰু কাছাৰ কলেজে ৷
