গ্ৰন্থমেলাবোৰত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বাধ্যতামূলক হওক
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
বৰ্তমান আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গ্রন্থমেলা অনুষ্ঠিত হোৱাটো এক শুভ লক্ষণ। ই লেখক, পাঠক, প্রকাশক আৰু বিক্ৰেতাৰ মাজত এক মিলন ক্ষেত্র সৃষ্টি কৰে। এই গ্রন্থমেলাবোৰত আয়োজন কৰা আলোচনা চক্র, কবি সন্মিলন, আৰু লেখক-পাঠকৰ অন্তৰংগ আলাপ আদি অনুষ্ঠানবোৰে শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশত বিশেষ ভূমিকা পালন কৰে। কুইজ, ৰচনা, আৰু কবিতা আবৃত্তি আদি প্রতিযোগিতাসমূহে শিক্ষাৰ্থীৰ মাজত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে। যদি সম্ভৱ হয় সংশ্লিষ্ট শিক্ষা বিভাগে গ্ৰন্থমেলাবোৰত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বাধ্যতামূলক কৰিব লাগে, তেতিয়া ই শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিসৰ আৰু সৃষ্টিশীল চিন্তাধাৰা বৃদ্ধি হোৱাত অৰিহণা যোগাব । গ্ৰন্থমেলাই শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ বাহিৰৰ বিভিন্ন বিষয়ে জ্ঞান লাভৰ সুযোগ দিয়ে। গ্রন্থমেলাই বিভিন্ন ধৰণৰ গ্ৰন্থৰ সৈতে পৰিচয় ঘটাই, যিয়ে তেওঁলোকৰ চিন্তাশীলতা আৰু সৃষ্টিশীলতা বিকাশত সহায় কৰে। লগতে, শিক্ষাৰ্থীয়ে লেখকসকলৰ চিন্তা আৰু দৃষ্টিভঙ্গীৰ সৈতে পৰিচিত হোৱা সুযোগ পায়। গ্ৰন্থমেলা শিক্ষাৰ্থীসকলৰ বাবে জ্ঞানৰ ভঁৰাল আৰু সামগ্ৰিক বিকাশৰ এক সম্ভাৱনাময় মঞ্চ ।