গৌৰৱ গগৈৰ ৰাজনীতি ড° হিমন্তবিশ্বৰ ৰাজনীতি নহয়
গৌৰৱ গগৈলৈ আমাৰ প্ৰশ্ন
ৰঙিলী বাৰ্ত্তাসেৱা- ‘গৌৰৱ গগৈয়ে তৰুণ গগৈৰ ৰাজনীতিহে কৰিব পাৰিব, হিমন্তবিশ্ব শৰ্মাৰ ৰাজনীতি কেতিয়াও কৰিব নোৱাৰে ৷ কাৰণ, গৌৰৱ গগৈৰ ৰাজনীতি তুষ্টিকৰণৰ আৰু হিমন্তবিশ্ব শৰ্মাৰ ৰাজনীতি সন্তুষ্টিকৰণৰ ৷ গৌৰৱ গগৈৰ ৰাজনীতি বংশবাদ আৰু সাম্প্ৰদায়িকতাৰ, হিমন্তবিশ্ব শৰ্মাৰ ৰাজনীতি বিকাশ আৰু সমন্বয়ৰ ৷’ – এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ৷গৌৰৱ গগৈয়ে হিমন্তবিশ্ব শৰ্মাৰ নহয়, তৰুণ গগৈৰ ৰাজনীতিহে কৰিব বোলা বক্তব্যৰ প্ৰত্যুত্তৰ দি আজি অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ই গৌৰৱ গগৈক কটাক্ষ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে গৌৰৱ গগৈয়ে সঠিকভাৱেই এই কথা কৈছে যে তেওঁৰ ৰাজনীতি তৰুণ গগৈৰ ৰাজনীতিৰ দৰেই হ’ব ৷ তৰুণ গগৈৰ দিনৰ সেই অভিশপ্ত দিনবোৰকেই পুনৰায় আমন্ত্ৰণ কৰি আনিব খুজিছে গৌৰৱ গগৈয়ে ৷ যিসময়ত অসমৰ তেজাল ডেকাই চাকৰি, ব্যৱসায় কৰি প্ৰতিষ্ঠিত হোৱাৰ পৰিবৰ্তে বহিঃৰাজ্যত গৈ চিকিউৰিটি গাৰ্ড হ’বলগীয়া হৈছিল ৷ অসমৰ আটাইতকৈ মেধাবী ল’ৰাজনেও এএপিএছছিৰ পৰীক্ষা দিবলৈ ভয় খাইছিল ৷ কাৰণ, সেইসময়ত অসমত চাকৰিৰ বজাৰ বহিছিল ৷ আৰু সেই বজাৰৰ কুখ্যাত খলনায়ক ৰাকেশ পালক বিজেপি চৰকাৰেহে জে’ললৈ নিক্ষেপ কৰিছিল ৷ এতিয়া অসমৰ নতুন প্ৰজন্মই মুকলি মন এটা লৈ চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে ৷ আজি কাজিৰঙাৰ গড়বোৰো শান্তিত থাকিব পাৰিছে ৷ তৰুণ গগৈৰ দিনত চোৰাং চিকাৰীৰ দপদপনি চলিছিল ৷ গড় হত্যাই অভিলেখ গঢ়িছিল ৷ ‘হু ইজ বদৰুদ্দিন’ বুলি কৈ খিলঞ্জীয়া মানুহৰ চেণ্টিমেণ্টক লৈ ৰাজনীতি কৰা তৰুণ গগৈৰ দিনতে সাম্প্ৰদায়িক ৰাজনীতি তুংগত উঠিছিল ৷ আজিও গৌৰৱ গগৈয়ে বদৰুদ্দিনৰ সেই বংশধৰসকলক লৈয়ে ৰাজনীতি চলাই গৈছে ৷ এনে পৰিস্থিতিত ৰাইজে নিজেই উপলব্ধি কৰিব যে তৰুণ গগৈৰ ৰাজনীতি নে হিমন্তবিশ্ব শৰ্মাৰ ৰাজনীতিয়ে অসম বচাব ৷ গৌৰৱ গগৈয়ে কেতিয়াও হিমন্তবিশ্ব শৰ্মাৰ ৰাজনীতি কৰিব নোৱাৰে ৷ কাৰণ, তৰুণ গগৈৰ দিনৰ ছখন মেডিকেল কলেজৰ পৰা হিমন্তবিশ্ব শৰ্মাৰ দিনত তেৰখন মেডিকেল কলেজ প্ৰতিষ্ঠা হ’ল ৷ এই ৰাজনীতি ইমান সহজ নহয় বুলিও বিবৃতিটোত সভাপতি শইকীয়াই শ্লেষাত্মক ভাবে উল্লেখ কৰি আৰু কয় যে গৌৰৱ গগৈয়ে তৰুণ গগৈৰ ৰাজনীতিকে কৰা উচিত ৷ হিমন্তবিশ্ব শৰ্মাৰ কৰাৰ সক্ষমতা তেওঁৰ নাই ৷