গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰতিক্রিয়া প্রকাশ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত বিটিচি নির্বাচনক লৈ বড়োভূমিত চলি থকা ব্যাপক ৰাজনৈতিক কুচকাৱাজৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পকেটত ৪টাকৈ ফোন লৈ ফুৰা বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিত কাৰ্যকৰ্তাৰ বৈঠক সম্পন্ন কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই এই সন্দৰ্ভত কয়- গৌৰৱ গগৈয়ে নিজেই কৈ দিলে যে মোতকৈ শক্তিশালী মানুহ ভাৰতত দ্বিতীয়জন কোনো নাই। তেওঁৰ কথাৰ অৰ্থ হ’ল- মোৰ এটা ফোন প্রমোদ বড়োলৈ যায়, এটা ফোন হাগ্রামা মহিলাৰীৰ তালৈ যায়, তৃতীয় ফোনটো অমিত শ্বাহলৈ যায় আৰু চতুর্থ ফোনটো কংগ্রেছলৈ যায়। মোতকৈ শক্তিশালী মানুহ ভাৰততেই নাই। মই অমিত শ্বাহকো ডাইৰেক্ট ফোন কৰিব পাৰোঁ, কংগ্ৰেছকো ফোন কৰিব পাৰোঁ আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী, প্রমোদ বড়োক দুয়োখন হাতত ধৰি লৈ খোজকাঢ়িব পাৰোঁ। গতিকে, মোৰ লগত যুঁজ-বাগৰ নকৰাই ভাল। এতিয়াই ছাৰেণ্ডাৰ কৰি দিব লাগে। কালি গৌৰৱ গগৈৰ মুখেৰে ওলাই গ’ল যে নির্বাচন হোৱাৰ পূৰ্বেই কংগ্ৰেছ হাৰিল। বিটিআৰত যদি প্রমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ লগত ভালে থাকে, তেন্তে বিধানসভা নির্বাচনত ১৫খন আসন পামনে নাই। আচলতে কংগ্রেছে মোক অজেয়-অপৰাজেয় বনাই দিলে। বিজেপিৰ মানুহেও মোক ইমান প্রশংসা নকৰে, যিমান প্রশংসা কংগ্ৰেছে মোক কৰিছে।