গৌৰৱ গগৈৰ বৰ অসমক তীব্র সমালোচনা মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈৰ বৰ অসমক তীব্র সমালোচনা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গৌৰৱ গগৈৰ বৰ অসম শ্লোগানক তীব্র কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বজালীত গৌৰৱ গগৈৰ বৰ অসম শ্লোগান সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়-গৌৰৱ গগৈৰ নতুন বৰ অসমখনত আমাৰ ঐতিহ্য-সংস্কৃতিক বিসর্জন দিব খুজিছে। গৌৰৱ গগৈয়ে লাচিতৰ লগত বাঘ হাজৰিকা থাকিব লাগে বুলি কৈছে। কিন্তু বাঘ হাজৰিকা বুলি কোনো মানুহেই নাছিল। শংকৰদেৱৰ লগত মাধৱদেৱ যে থাকিব সেয়া বৰপেটাৰ ৰাইজে ৰন্ধ্ৰে ৰন্ধ্ৰে জানে। শংকৰদেৱৰ লগত ছাঁৰ দৰে কোন আছিল?, মাধৱদেৱ আছিল নে আজান ফকীৰ আছিল? পৰোক্ষভাৱে গৌৰৱ গগৈয়ে ক’ব বিচাৰিছে যে বাংলাদেশী আৰু আমি একেলগে থাকিব লাগিব। ইয়াৰ দ্বাৰা তেওঁ বুজাব বিচাৰিছে যে বাংলাদেশীসকল আৰু অসমীয়াসকলক একলগ কৰা হ’ব। গতিকে তেওঁ কৈ দিয়ক যে আমাৰ সত্ৰ-মন্দিৰ সকলো বিসর্জন দিম। এনে বৰ অসম আমাৰ প্ৰয়োজন নাই। যিখন অসম চাউলুং চুকাফাই কৰিছিল, যিখন বৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৰিছিল সেই বৰ অসমখন লাগে। গৌৰৱ গগৈয়ে কৰা বৰ অসম আমাক নালাগে।