গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰসংগত প্রতিক্রিয়া ‘আপ’ ৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তোলা অভিযোগ সম্পর্কত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আম আদমি পার্টীয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্রেছ বার্তাযোগে আপ, অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে যোৱা ৯ বছৰ ধৰি বিজেপিয়ে শাসনভাৰ লাভ কৰাৰ পিছতেই অসমত এটা ভয়ংকৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে, সেয়া হৈছে বিৰোধী নেতাক এতিয়া প্রতিযোগী হিচাপে দেখা নাযায়, বৰঞ্চ শত্রু হিচাপেহে দেখা যায়। মুখ্যমন্ত্রী এনে ভাষ্যই ৰাজনৈতিক প্রতিযোগীক শত্রু হিচাপে গণ্য কৰাৰ ক্রমবর্ধমান ধাৰাকেই প্রতিফলিত কৰিছে। গণতান্ত্রিকভাৱে নিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মন্তব্যক অনুপযুক্ত আৰু অনাহক বুলি অভিহিত কৰিছে ‘আপ’ ৰ ৰাজিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। তাৰোপৰি ডাঃ চৌধুৰীয়ে মুখ্যমন্ত্ৰীক বিৰোধী নেতাক ব্যক্তিগত আক্রমণ তথা তলখাপৰ মন্তব্যৰ পৰিৱৰ্তে অসম জ্বলন্ত সমস্যাসমূহ সমাধা কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।