গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল

গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়ক ওচৰত অধিবক্তা জয়ন্ত কুমাৰ গোস্বামীয়ে এক অভিযোগ দাখিল কৰিছে। অভিযোগ অনুসৰি, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক একাউণ্টৰ মাধ্যমেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ’ ৰাজহুৱা ভাবে ভাগ-বতৰা কৰি ৰাজনৈতিক স্বাৰ্থ সাধন কৰিছে।অধিবক্তা গৰাকীৰ অভিযোগ, গগৈয়ে এই ভিডিঅ’ প্ৰকাশ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি লোৱা নাছিল। যাৰ ফলত কপিৰাইট আইনৰ লগতে Contempt of Court Act, 1971 আৰু Information Technology Act, 2000 ৰো লঙ্ঘন ঘটিছে বুলি তেওঁ অভিযোগত উল্লেখ কৰিছে। এই সন্দৰ্ভত প্ৰয়োজনীয় তদন্ত কৰি উপযুক্ত আইনগত ব্যবস্থা গ্ৰহণ কৰিবলৈ আৰু ভৱিষ্যতে এনে ঘটনা পুনৰাবৃত্তি নঘটাবলৈ ন্যায়ালয়ক অনুৰোধ জনোৱা হৈছে।