গৌৰৱ গগৈৰ বক্তব্যক লৈ লজ্জিত অনুভৱ কৰিছোঁঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- অপাৰেচন সিন্দূৰক কেন্দ্ৰ কৰি লোকসভাত হোৱা বিতৰ্কত ভাগ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ সমৰ্থনত প্ৰকাশ কৰা বক্তব্যক লৈ দেশজুৰি সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে গৌৰৱ গগৈক পুনৰ তীব্র সমালোচনা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়-অসমবাসীৰ কাৰণে এয়া একেবাৰে লাজৰ কথা। আমি সকলোৱে এই বক্তব্যক লৈ লজ্জিত অনুভৱ কৰিছোঁ। ভাৰতীয় সেনা বাহিনীৰ ওপৰত অসমৰ সাংসদ এজনে যি ধৰণে বক্তব্য দিলে সেয়া সঁচাকৈ দুর্ভাগ্যজনক। তেওঁ ইমান তললৈ নামিলে যে সেনা বাহিনীক প্রশ্ন কৰে মিছাইলটো ওচৰৰ পৰা নামাৰি দূৰৰ পৰা কিয় মৰা হ’ল? সেনাই মিছাইল কেনেদৰে মাৰিব তাক লৈ প্ৰশ্ন কৰাটো তেওঁৰ মানসিকতা কি? ভাৰতে ৩০০০-৪০০০ কিঃমিঃ দূৰত্ব ভেদ কৰাৰ বাবে মিছাইল ইতিমধ্যে তৈয়াৰ কৰিছে। গতিকে এইবোৰ প্ৰশ্নৰ যুক্তি ক’ত? সংসদত অপাৰেচন সিন্দূৰক লৈ সেনা বাহিনীক অভিবাদন জনোৱাৰ বাবে এই আলোচনা আছিল। কিন্তু সাংসদজনে যিধৰণে কথা ক’লে তেওঁৰ ভাষণ শুনি এটাই ধাৰণা হ’ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়, নিজৰ সন্তানকো বিদেশী কৰিছে, পত্নীকো বিদেশী কৰিছে। এই কথা মই স্পষ্টকৈ ক’ব পাৰোঁ যে সুযোগ বুজি তেৱোঁ নাগৰিকত্ব সলনি কৰিব। তেওঁৰ পৰিয়াল যিহেতু ভাৰতীয় নহয়, তেৱোঁ অস্থায়ীভাৱে ভাৰতত আছে। সেয়েহে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদত কথা কয়। মুখ্যমন্ত্রী ড° শর্মাই পুনৰ কয়- যোৰহাট-শিৱসাগৰৰ ৰাইজৰ স্বাধীনতা আন্দোলনত কিমান বৰঙণি আছিল? দেশৰ স্বতন্ত্রতা-সার্বভৌমত্বৰ ক্ষেত্ৰত যোৰহাট-শিৱসাগৰৰ ৰাইজৰ অনবদ্য বৰঙণি আছে। সেই স্থানৰ সাংসদগৰাকীয়ে পাকিস্তানত গৈ হিৰো হোৱাটো আমাৰ বাবে লাজৰ কথা। ২০১৪ চনৰ পৰা যদি সংসদত গৌৰৱ গগৈৰ ভাষণ-প্রশ্নসমূহ লক্ষ্য কৰা যায়, তেন্তে দেখা পাব যে প্রতিটো প্রশ্নই পাকিস্তানৰ সহায়ক হোৱা। গতিকে পাকিস্তানৰ সৈতে তেওঁৰ বেলেগ ধৰণৰ সম্পর্ক আছে। তেওঁ কেতিয়াও দেশৰ টেলিভিছনত হিৰো হ’ব নোৱাৰে। সদায়ে পাকিস্তানত হিৰো হৈ থাকিব। মুখ্যমন্ত্রী ড° শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ সন্দর্ভত ইয়াকো স্পষ্ট কৰে যে তেওঁৰ পাকিস্তান ভ্ৰমণৰ চিবিআই বা ‘নিয়া’ই তদন্ত কৰিব। আনহাতে, পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰা এছআইটিয়ে চলাই থকা তদন্ত অহা ১০ ছেপ্টেম্বৰত অন্ত পৰিব বুলি জানিবলৈ দি আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- এছআইটিক ১০ ছেপ্টেম্বৰৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকৰ সময়সীমা বৃদ্ধি কৰা নহয়। গতিকে ১০ ছেপ্টেম্বৰত তেওঁলোকৰ তদন্ত সম্পূৰ্ণ কৰাৰ পাছত চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিব। সেই প্রতিবেদনৰ ওপৰত ১৫ ছেপ্টেম্বৰৰ ভিতৰত কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হ’ব। কেবিনেটে এই প্রতিবেদন অনুসৰি গোচৰটো চিবিআই বা ‘নিয়া’লৈ প্ৰেৰণ কৰিব। তেওঁ ইয়াকো জানিবলৈ দিয়ে যে গৌৰৱ গগৈৰ পাকিস্তান সন্দৰ্ভত তদন্ত চলোৱা এছআইটিৰ পৰিসীমা যথেষ্ট সীমিত। এছআইটিয়ে দুবছৰৰ ভিতৰৰ টেলিফোনিক বার্তালাপসমূহহে পৰীক্ষা কৰিব পাৰে। কিন্তু ‘নিয়া’ই এনেধৰণৰ বাৰ্তালাপসমূহ ২০১০-১১লৈ পৰীক্ষা কৰিব পাৰে। এছআইটিয়ে এইক্ষেত্রত যথেষ্ট ভাল কাম কৰিবলৈ সক্ষম হৈছে। যিহেতু এই ঘটনাৰ বিষয়টো নাগৰিকত্বৰ লগত জড়িত সেয়েহে এই বিষয়টো কেন্দ্রীয় গৃহ মন্ত্রালয়েহে ভালকৈ পৰীক্ষা কৰিব পাৰিব।