গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত নতুন বিস্ফোৰণ মুখ্যমন্ত্রীৰ

গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত নতুন বিস্ফোৰণ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত নতুন বিস্ফোৰণ ঘটালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি মই প্রথমবাৰ কৈছোঁ, তেওঁ পাকিস্তানত আইএছআইৰ আমন্ত্ৰণত গৈছিল। তাৰ ডকুমেন্ট আমাৰ লগত আছে। পাকিস্তানলৈ তেওঁ ফুৰিবলৈ যোৱা নাছিল। আজি মই এঢাপ ওপৰত কৈছোঁ- তাত তেওঁ নিশ্চিতভাৱে প্রশিক্ষণ ল’ব গৈছিল। কাৰণ আইএছআয়ে তেওঁক কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পাছতহে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। গৃহ বিভাগ মানে কি? পৰৰাষ্ট্ৰ বিভাগে মতা, বিশ্ববিদ্যালয়ে মতা বেলেগ কথা। তেওঁ প্রত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাত গৈছিল। চৰকাৰৰো বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, পোনপটীয়াভাৱে পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্রণত গৈছিল। গতিকে কিমান বিপজ্জনক হ’ব পাৰে? অসমৰ বহু সাংবাদিকে ভাবি আছে এইটো মুখ চুপতিৰ কথা হৈ আছে। ইয়াত মুখ চুপতি একো হোৱা নাই। ইয়াত ল’ৰা-ধেমালিৰ কথাই নাই। এইটো যথেষ্ট ছিৰিয়াছ বিষয়। ইয়াৰ পিছত ডাঙৰ একচন হ’ব। এইটোক লৈ ল’ৰা-ধেমালি, মুখ চুপতা-চুপতি কৰাৰ পৰিকল্পনা নাই। অহা ১০ ছেপ্টেম্বৰত যেতিয়া সকলো তথ্য ৰাজহুৱা কৰিম, সকলো আচৰিত হৈ যাব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই যেতিয়া ২৪ ঘণ্টাৰ মূৰে মূৰে এই বিষয়টো কৈ আহিছোঁ, নিশ্চয় স্পষ্ট প্রমাণ হাতত আছে। মুখ্যমন্ত্রী ড° শর্মাই তেওঁৰ কথা বিশ্বাস কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু গৌৰৱ গগৈৰ প্ৰতি যি মৰম-প্রীতি আছে সেয়া ত্যাগ কৰাৰ বাবেও সাজু হৈ থাকিবলৈ আহ্বান জনায় যে অহা ১০ ছেপ্টেম্বৰত দিনৰ ১১ বজাত সংবাদ মেল পাতি সকলো নথি-পত্ৰ ৰাজহুৱা কৰিম। এটা কথাও যদি মিছা কৈছোঁ, তেতিয়াহ’লে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগতে জীৱনত ৰাজনীতি কৰাৰ পৰাই আঁতৰি আহিম। এঢাপ ওপৰলৈ গৈ ঘৰলৈ যোৱাও এৰি দিব বুলি তেওঁ মন্তব্য কৰে। গৌৰৱ গগৈৰ পাকিস্তান সম্পর্কত যিমান ক’বলগা আছে তাতকৈ বহুত কম কথা কৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আচল কথা এতিয়াও মই কোৱা নাই। ১০ ছেপ্টেম্বৰত ইয়াতকৈ বেছি কথা ক’ম। আনহাতে গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ বিষয়টোক লৈ অহা বিধানসভা নিৰ্বাচনৰ সৈতে কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিষয়টো নির্বাচনৰ বাহিৰত। নহ’লে মই নিৰ্বাচনৰ সন্মুখতো এই বিষয়টো দিব পাৰিলোঁহেঁতেন। অহা এপ্রিলত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। নির্বাচনক লৈ সম্পর্ক থকা হ’লে মই ক’ব পাৰিলোঁহেঁতেন- গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্য মই জানুৱাৰী মাহত দি দিম। যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে। কিন্তু মইতো ছেপ্টেম্বৰতেই সকলো তথ্য দিম বুলি কৈছোঁ। তাৰ পাছতো বিধানসভা নির্বাচনলৈ ছমাহ থাকিব। ছেপ্টেম্বৰলৈ সময় লোৱাৰ প্ৰসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে গৌৰৱ গগৈয়ে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত আৰু পাকিস্তানৰ গৃহ বিভাগৰ আমন্ত্ৰণত পাকিস্তানত গৈছিল। গৃহ বিভাগে তেতিয়া আমন্ত্ৰণ কৰে, যেতিয়া কাৰোবাক প্রশিক্ষণ দিব লাগে। এই সম্পর্কীয় প্রমাণখিনি আদালতৰ দ্বাৰা প্রত্যায়িত হ’ব লাগিব। সেই প্রক্রিয়াখিনিৰ বাবে মোক তিনিমাহ সময় লাগে। গৌৰৱ গগৈয়ে যি কাম কৰিছে  তাৰ প্ৰমাণ আমাৰ লগত আছে। ইয়াৰ পৰা বচাৰ কোনো উপায় নাই। আগ আৰু পিছফালেও তলা আছে, সোঁ আৰু বাঁওফালেও তলা আছে। এইটো এটা গুৰুতৰ অপৰাধ। সকলো প্রমাণ আমি চকুদি দেখিছোঁ। খালী কাগজখিনি আনিবৰ বাবে আমি ছেপ্টেম্বৰলৈ ৰ’বলগা হৈছে। সংবাদ মাধ্যমৰ বাবে এয়া বাতৰিৰ খোৰাক। কিন্তু আমাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশৰ সাৰ্বভৌমত্বৰ বিষয়। আনহাতে বিজেপিৰ মানুহো পাকিস্তানলৈ যোৱা বুলি গৌৰৱ গগৈয়ে পৰোক্ষভাৱে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে, আমাক নাম দিলে আমি তৎকালীনভাবে ব্যৱস্থা ল’ম। যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে, ক্রিকেট খেলিব গৈছে, ভাৰত চৰকাৰৰ পৰা অনুমতি লৈ গৈছে বেলেগ কথা। এতিয়াও যদি কাইলৈ ভাৰত-পাকিস্তানৰ চুক্তি হয়, কোনোবাটো পাকিস্তানত যাব লাগিব। ৰাষ্ট্ৰৰ কামক বাদ দি কোনোবা যদি বিজেপি নেতা চুপে-চাপে পাকিস্তানত গৈছে, সেই নাম দিব লাগে মই তাৎক্ষণিকভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ পঠিয়াই দিম। আমি এই কামক সমর্থনো নকৰোঁ আৰু এইবিলাক কামত নাই। মুখ্যমন্ত্রী ড° শর্মাই কয় যে আনৰ গাত আঙুলি টোৱাই লাভ নাই। কাৰণ ধৰ্মীয় কাৰণতো মানুহ যাব। পাকিস্তানত গুৰু নানকৰ জন্মস্থান আছে। পঞ্জাবৰ কংগ্ৰেছ-বিজেপিৰ চবে গুৰুদ্বাৰলৈ যায়। তাৰ বাবে বিশেষ অনুমতি লৈ যায়। কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে, কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত গৈছে, বিজেপিৰ নেতাৰ নাম পালে সেয়া নাড্ডালৈ পঠিয়াই দিয়া হ’ব আৰু তেনে নেতাক আজিয়েই ধৰা হ’ব। পাকিস্তানৰ লগত বিজেপিৰ কোনো আপোচ নাই। ইপিনে গৌৰৱ গগৈয়ে অসমৰ মুখ্যমন্ত্রীয়েও বাংলাদেশলৈ যোৱাৰ প্ৰসংগ উত্থাপন কৰাৰ বিষয়টোত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে শ্বেখ হাছিনা থকালৈকে বাংলাদেশ ভাৰতৰে প্রদেশ আছিল। বাংলাদেশৰ লগত ভাৰতৰ মৈত্রী সম্পৰ্ক আছিল, বৈৰী সম্পৰ্ক নাছিল। মহম্মদ ইউনুছ বাংলাদেশৰ প্রধানমন্ত্রী হোৱাৰ পাছত মই বাংলাদেশলৈ গৈছোঁ নেকি? বাংলাদেশ আৰু পাকিস্তান একে নেকি? শ্বেখ হাছিনাক আমি ভাৰতে আশ্রয় দিছোঁ। কাক বুর্বক বনাব খোজে? অসমৰ মানুহক ইমান বুর্বক বুলি ভাবিব নালাগে।