গৌৰৱ গগৈয়ে বিৰোধী ঐক্যমঞ্চ হ’বলৈ দিয়া নাইঃ অখিল গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই পুনৰ থানবান হ’ল বিৰোধী ঐক্য। নির্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই ৩৭খন জিলা পৰিষদৰ আসনত বিজেপি আৰু মিত্রদলে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ বিপৰীতে মিত্ৰতাৰ প্ৰসংগক লৈ এতিয়াও অভিযোগ-প্রতিঅভিযোগত ব্যস্ত আছে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহ। শিৱসাগৰ সমষ্টিত পঞ্চায়ত আসনৰ বুজাবুজিৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ কংগ্ৰেছে নস্যাৎ কৰাৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈৰ স্পষ্ট অভিযোগ-বিৰোধীক এক হ’বলৈ নিদিয়া মানুহজনেই হ’ল গৌৰৱ গগৈ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি গৈছে যোৰহাটৰ সাংসদগৰাকী। উল্লেখ্য যে শিৱসাগৰ পুৰণি আৰু নতুন সমষ্টি মিলি মুঠ ৬খন জিলা পৰিষদত কংগ্ৰেছৰ সৈতে আসন বুজাবুজিৰ প্ৰস্তাৱ দিছিল বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীৰ এনে প্ৰস্তাৱক গুৰুত্ব নিদিলে কংগ্ৰেছৰ শিৱসাগৰ জিলা কমিটীয়ে। কার্যতঃ কংগ্ৰেছৰ শিৱসাগৰ জিলা কমিটীৰ বিৰোধিতাৰ বাবেই ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি সম্ভৱ নহ’ল। ইয়াকে লৈ বিস্ফোৰক অভিযোগেৰে সৰৱ হৈ পৰা অখিল গগৈয়ে কয় যে শিৱসাগৰ সমষ্টিৰ কংগ্ৰেছৰ নেতা শুভ্রমিত্ৰ গগৈ সাংসদ গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ। একেটা সময়তে এইজন শুভ্রমিত্র গগৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰো অতি ঘনিষ্ঠ ব্যক্তি। গতিকে কোনোবা স্থানত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে মিলি গৈছে। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়- আসন বুজাবুজিৰ বিষয়টোক লৈ মই গৌৰৱ গগৈলৈ পত্র লিখিছোঁ। আনকি গৌৰৱ গগৈয়েও বিষয়টো আলোচনা কৰি মোক জনাব বুলি কথা দিছিল। পৰৱৰ্তী সময়ত তেওঁক মই দুবাৰকৈ ফোন কৰিলোঁ যদিও তেওঁ ফোন ৰিচিভ নকৰিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে গৌৰৱ গগৈয়ে শিৱসাগৰত ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰাৰ ইচ্ছা নাই। আনকি কংগ্ৰেছৰ ভিতৰৰ সূত্ৰৰ পৰাও আমি গম পাইছোঁ যে গৌৰৱ গগৈয়ে বিৰোধী ঐক্যমঞ্চ হ’বলৈ দিয়া নাই। দৰকাৰত বিজেপিয়েই পঞ্চায়ত নির্বাচনত জিকক, কিন্তু কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হ’ব নালাগে। যিগৰাকী গৌৰৱ গগৈক যোৰহাট সমষ্টিত লোকসভা নিৰ্বাচনত বিজয়ী কৰাৰ ক্ষেত্ৰত ৰাইজৰ দলে দিন-ৰাতি এক কৰি দিলে, সেইজন গৌৰৱ গগৈয়ে বিৰোধী ঐক্য ভাঙোনত এই স্থিতি লোৱাটো অতি দুর্ভাগ্যজনক। ৰাইজৰ দলৰ সৈতে একেলগে নির্বাচন নেখেলি কংগ্ৰেছে প্ৰমাণ কৰিলে যে শিৱসাগৰত কংগ্ৰেছে বিজেপিক সহায় কৰিছে। অখিল গগৈয়ে পুনৰ কয়- পঞ্চায়ত নির্বাচনত পৃথক পৃথককৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা মানেই সকলো শেষ। ইফালে আন এক অভিযোগ তুলি ধৰি ৰাইজৰ দলৰ সভাপতিগৰাকীৰ মন্তব্য- প্ৰদেশ কংগ্ৰেছৰ সভাপতি নোহোৱালৈকে গৌৰৱ গগৈয়ে বিৰোধী ঐক্য হ’ব নিদিয়ে। শিৱসাগৰত নিৰ্বাচনী বুজাবুজি হ’লে ভূপেন বৰাৰ সৈতে আমাৰ সম্পৰ্ক ভাল হ’ব বুলি গৌৰৱ গগৈয়ে শুভ্রমিত্ৰ গগৈৰ জৰিয়তে এই মিত্রতাত বাধা দিছে। আনকি ভূপেন বৰাই শিৱসাগৰ জিলা কংগ্ৰছ কমিটীক স্পষ্টকৈ আসন বুজাবুজিৰ বাবে নির্দেশ দিয়াৰ পিছতো ওলোটাকৈ শিৱসাগৰ জিলা কংগ্রেছ কমিটীয়ে এই মিত্ৰতাৰ প্ৰয়োজন নাই বুলি ভূপেন বৰাক মিত্ৰতা নকৰিবলৈয়ে হেঁচা দিছে আৰু এই সকলোবোৰ গৌৰৱ গগৈৰ নিৰ্দেশতে হৈছে। ইফালে মিত্ৰতাৰ বিষয়টোক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো বিপৰীত স্থিতি গ্রহণ কৰা বুলিও অখিল গগৈয়ে অভিযোগ কৰে। অখিল গগৈয়ে কয় যে দেৱব্ৰত শইকীয়াৰ সৈতে আমাৰ যথেষ্ট সম্পৰ্ক ভাল আছিল। কিন্তু হঠাৎ দেৱব্ৰত শইকীয়াও মিত্ৰতাৰ বিৰোধিতা কৰিছে। গতিকে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে নাজিৰা সমষ্টিত শক্তিশালী প্রার্থী প্রক্ষেপ কৰিব।