গৌৰৱ গগৈক উভতি ধৰিলে মুখ্যমন্ত্রী ড° শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ “হু ইজ হিমন্ত বিশ্ব শৰ্মা ?” প্ৰশ্নৰ চোকা প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। এ পি চি চিৰ সভাপতি গৌৰৱ গগৈয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটীত কৰিছিল এক বিশেষ মন্তব্য ৷ গৌৰৱ গগৈয়ে কৈছিল, “যিদিনা অসমৰ ৰাইজ একত্রিত হৈ থিয় দিব, সিদিনা অসমৰ ৰাইজে ক’ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ?” মুখ্যমন্ত্ৰী ড° শৰ্মাই প্রত্যুত্তৰ দি কয়, মই কৈলাশ নাথ শৰ্মা আৰু মৃণালিনী দেৱীৰ সন্তান । মোৰ আৰু কি আছে ? মোক হু ইজ বুলি কোৱাৰ বাবে ইমান কি আছে ? মই দেউতা-মাৰ এজন সাধাৰণ ল’ৰা । মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানুহে হু ইজ হিমন্ত বুলি ক’ব ? সাধাৰণ এটা মিডল ক্লাছ ফেমিলীৰ ল’ৰা ৷ কিন্তু আইডেণ্টিটিটো ডাঙৰ ৷ তেওঁ লগতে কয়, অসমত অসমীয়া এজনকে সুধিব হু ইজ ? ইফালে গৌৰৱ গগৈক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “এজন অসমীয়া মানুহক হু ইজ বুলি প্ৰশ্ন কৰা হ’ব নেকি ? তাৰ মানে মিঞা বদৰুদ্দিন আৰু হিমন্ত একে হৈ গ’ল ? তাৰ মানে অসমতে কালি কোনোবাই ক’ব হু ইজ প্ৰদীপ বৰা ৷” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অসমতে অসমীয়াক হু ইজ বুলি সোধা হ’ব নেকি? গৌৰৱ গগৈয়ে মিঞাকতো নোসোধে। দেউতাকে হু ইজ বদৰুদ্দিন বুলি কৈছিল, আজি পুতেকে ক’ব লাগিছিল হু ইজ ৰেজাউল কৰিম? আজি তেওঁৰ প্রশ্নটো হ’ব লাগিছিল, মোৰ দেউতাই হু ইজ বদৰুদ্দিন বুলি কৈছিল। মই ক’ম হু ইজ ৰেজাউল কৰিম, হু ইজ ৰকিবুল বুলি? তেওঁ ওলোটাই কৈছে- হু ইজ হিমন্ত বিশ্ব শৰ্মা?’’ আনহাতে আমছু নেতা ৰেজাউল কৰিম সৰকাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিয়েই শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰীত পৰিণত কৰিব বুলি হুংকাৰ দিয়ে। আমছু নেতাগৰাকীৰ এনে মন্তব্যই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত তিতাবৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে আজি কংগ্ৰেছৰ তথাকথিত যোগদান কার্যসূচীত ৰেজাউল কৰিম সৰকাৰে শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰীলৈ ৰূপান্তৰিত কৰিব বুলি কৰা মন্তব্য চিন্তনীয় বিষয়। ধুবুৰীত কোচ ৰাজবংশী আৰু আন জনগোষ্ঠীৰ লোক আছিল। এতিয়া তাত ৮০-৮৫ শতাংশ লোক বাংলাদেশী মূলৰ হৈছে। তাত এতিয়া হিন্দু একেবাৰে সংখ্যালঘু। এতিয়া শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰীলৈ ৰূপান্তৰিত কৰিব বুলি কৈ তাতো বাংলাদেশী মূলৰ লোককেই অনাৰ কথা কৈছে। শিৱসাগৰ, তিনিচুকীয়াৰ লগত ডিব্ৰুগড়, চৰাইদেও আছে। ধুবুৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰাত হিন্দু এতিয়া সংখ্যালঘু। মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰেজাউল কৰিম সৰকাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সন্মুখত এই বক্তব্য প্ৰকাশ কৰাৰ লগে লগে গৌৰৱ গগৈয়ে প্রতিবাদ কৰিব লাগিছিল। তেওঁ ক’ব লাগিছিল- ধুবুৰীখন আমি অসমীয়াৰ কৰিম। মই শিৱসাগৰৰ সাংসদ। শিৱসাগৰক কেতিয়াও ধুবুৰী কৰিবলৈ নিদিওঁ। শিক্ষা, সংস্কৃতি সকলো দিশতে শিৱসাগৰ ধুবুৰীতকৈও আগবঢ়া। এতিয়া শিৱসাগৰ যদি ধুবুৰী হয়, এইখন বৰ অসম হৈ নাথাকে। এইখন মিঞাৰ অসম হ’ব। কংগ্ৰেছে মিঞাৰ ওচৰত আত্মসমর্পণ কৰিছে। অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি আনি দিছে।
