গৌৰৱৰ পাকিস্তান লিংকৰ এছআইটিৰ প্ৰতিবেদন গৃহ মন্ত্রালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ

গৌৰৱৰ পাকিস্তান লিংকৰ এছআইটিৰ প্ৰতিবেদন গৃহ মন্ত্রালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবার্ন গগৈৰ বহু প্রত্যাশিত পাকিস্তান সংযোগৰ তথ্য আজি সংবাদমেলযোগে ৰাজহুৱা কৰা হ’ব। দেওবাৰে পুৱা ১০.৩০ বজাত দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত এছ আই টিয়ে কৰা তদন্তৰ প্রতিবেদন সংবাদমেল যোগে সদৰী কৰিব। শনিবাৰে নিশা হোৱা কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পর্ক, ব্রিটিছ নাগৰিক পত্নী এলিজাবেথ কলবার্ন গগৈ  আৰু পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ ভাৰতবিৰোধী ষড়যন্ত্ৰৰ তদন্ত কৰি এছআইটিয়ে দাখিল কৰা প্রতিবেদনখন কেন্দ্রীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম কেবিনেটে। মূলতঃ সমগ্ৰ বিষয়টো আৰু অধিক গভীৰলৈ গৈ কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ স্বাৰ্থত প্রতিবেদনখন কেন্দ্রীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ সিদ্ধান্ত লয়। সংবাদ মেলখনত মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রায় ডেৰ ঘণ্টাজুৰি চলা এই কেবিনেটত এছআইটিৰ প্ৰতিবেদনখন বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু সমগ্ৰ বিষয়টো অধিক গভীৰলৈ গৈ তদন্ত কৰাৰ বাবে গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰৰ সিদ্ধান্ত লোৱা হয়। এনআইএ বা আন তদন্তকাৰী সংস্থাই পৰৱৰ্তী তদন্তৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ বাবে অসম চৰকাৰে এছআইটিৰ প্ৰতিবেদন আৰু বিষয়টো সম্পৰ্কত পঞ্জীভূত গোচৰ দুয়োটাই গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম আৰক্ষীৰ এছআইটিয়ে ভাল তদন্ত কৰিছে। কিন্তু অসম আৰক্ষী বহু আগবাঢ়ি গ’ল যদিও স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত সেয়াই যথেষ্ট নহয়। কাৰণ এই সমগ্ৰ বিষয়টোত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, তেওঁৰ পত্নী ব্রিটিছ নাগৰিক এলিজাবেথ কলবার্ন গগৈ আৰু পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখ  জড়িত হৈ আছে। সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ অহা-যোৱাৰ তথ্য এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু ২০১২ চনৰ টেলিফোনিক বার্তালাপ, ইলেক্ট্র’নিক তথ্য অসম চৰকাৰে উদ্ধাৰ কৰিব নোৱাৰে। ভাৰত চৰকাৰেহে উদ্ধাৰ কৰিব পাৰিব। এই তদন্তত ইণ্টাৰপ’লৰ সহায়ৰ প্ৰয়োজন আছে। সেয়ে অসম চৰকাৰে বিষয়টো কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰাটো বিচাৰিছে। ইয়াৰ বাবে গোচৰটো সম্পৰ্কত অসম চৰকাৰে চার্জশ্বীট দিয়াৰ পৰিৱৰ্তে গোচৰ আৰু এছআইটিৰ তদন্তৰ প্ৰতিবেদন গৃহ মন্ত্রালয়লৈ প্ৰেৰণৰ সিদ্ধান্ত গ্রহণ কৰে। দেওবাৰে পুৱা ১০.৩০ বজাত দিছপুৰত মুখ্যমন্ত্রী ড° শর্মাই এক সংবাদ মেলযোগে ৰাষ্ট্ৰীয় আৰু অসমৰ সংবাদ মাধ্যমৰ আগত এছআইটিৰ প্ৰতিবেদনখনৰ বিষয়ে সদৰী কৰিব বুলি প্রকাশ কৰে।