গৌৰৱৰ পত্নীৰ বেংক একাউন্ট পাকিস্তানত আছেঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিংস্তান লিংক সন্দৰ্ভত পুনৰ এক মহাবিস্ফোৰণ ঘটালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। অহা ৮ ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তানৰে সম্বন্ধ সম্পর্কত সংবাদ মেলৰ জৰিয়তে এই সন্দৰ্ভত সবিশেষ জনাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তানত বেংক একাউন্ট আছে আৰু সেই একাউণ্ট এতিয়াও সক্রিয় হৈ আছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই এই মহাবিস্ফোৰণ ঘটাই কয় যে অসম আৰক্ষীৰ আগত এলিজাবেথ কলবার্ন গগৈয়ে নিজেই এই কথা কৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে গৌৰৱ গগৈৰ পত্নীয়ে নিজেই কৈছে তেওঁ পাকিস্তানত দৰমহা পাইছিল আৰু সেই দৰমহাৰ ধন পাকিস্তানৰ বেংক একাউণ্টত ৰাখিছিল। বেংক একাউন্টটো বন্ধ কৰি দিয়া বুলিও কোৱা নাই। তেওঁলোকৰ টকা বিদেশৰ পৰা আহিছিল আৰু বিদেশতে থাকে। এইটো এটা বহুত ডাঙৰ ষড়যন্ত্র। এই বিষয়ে অহা ৮ ফেব্ৰুৱাৰীত ক’ম। সেইদৰে সাংসদ গগৈৰ দুয়োটা সন্তান বিদেশী নাগৰিকত্ব লোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে সেইজন গগৈয়ে অসমৰ মুখ্যমন্ত্রী হ’ব খোজে। কংগ্রেছ নেত্রী ছোনিয়া গান্ধী যদি ভাৰতীয় নাগৰিকত্ব ল’ব পাৰে, গৌৰৱ গগৈৰ পত্নীয়ে কিয় ভাৰতীয় নাগৰিকত্ব ল’ব নোৱাৰে বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এটা পৰিয়ালত ৪জন সদস্যৰ তিনিজনেই বিদেশী হ’লে আৰক্ষীয়ে গোপনীয় তথ্য কেনেকৈ মুখ্যমন্ত্রীক ক’ব? মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই কথাবোৰ তেওঁ কোৱাৰ পূৰ্বেই গৌৰৱ গগৈয়ে যোৰহাট লোকসভাৰ পৰা নিৰ্বাচন খেলাৰ সময়ত নিজৰ শপতনামাত উল্লেখ কৰিব লাগিছিল। গৌৰৱ গগৈৰ পৰিয়ালৰ সদস্যসকলৰ ধৰ্ম কি বুলিও মুখ্যমন্ত্রী ড° শর্মাই প্রশ্ন কৰে। যোৱা আগষ্ট মাহৰ পৰা গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক আছে বুলি কৈ অহাৰ পাছতো তেওঁ কিয় আজিলৈকে গোচৰ তৰা নাই বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আদালতত গ’লে গৌৰৱ গগৈ আকৌ ফচিব বুলি জানিয়েই তেওঁৰ বিৰুদ্ধে গোচৰ তৰা নাই। অহা ৮ ফেব্ৰুৱাৰীত গৌৰৱ গগৈয়ে বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে তাৰ পাছত তেওঁ সাংসদ হৈ থাকে নে নাথাকে, লোকসভাৰ উপ-দলপতি হৈ থাকে নে নাথাকে, সেয়া তেওঁৰ মানসিকতাৰ কথা। অহা ৭ ফেব্ৰুৱাৰীত কেবিনেটত বিষয়টো আলোচনা হ’ব আৰু কেবিনেটত যিটো সিদ্ধান্ত হ’ব ৮ ফেব্ৰুৱাৰীত সংবাদ মেলযোগে সদৰী কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত ইণ্টাৰপ’লৰ সহায় ল’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কোনো কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে, যাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আছে তেওঁলোকৰ জৰিয়তে বিষয়টো অধিক গভীৰলৈ গৈ তদন্ত কৰিব লাগিব। কাৰণ অসম আৰক্ষীয়ে এটা নিৰ্দিষ্ট দূৰত্বৰ পাছত আগবাঢ়িব নোৱাৰে। তথাপি অসম আৰক্ষীয়ে বহুত ভাল তদন্ত কৰিছে। গৌৰৱ গগৈয়ে তেওঁৰ পত্নী-সন্তানক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে এতিয়াও আবেদন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তেওঁ ভাবিছে ভাৰতীয় আৰু অসমীয়া মানুহক বুঢ়া আঙুলি দেখুৱাই চলিম। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে অহা ৮ ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁ ডাঙৰ অভিযোগ প্রমাণসহকাৰে আনিবলৈ গৈ আছে। ইয়াৰ পূর্বে নিশ্চিতভাৱে তেওঁলোকে এতিয়া ড° শর্মাক অলপ বদনাম কৰা, অলপ অপমান কৰাৰ চেষ্টা নিশ্চিতভাৱে চলাব। কিন্তু তেওঁলোকে কোনো এটা প্ৰমাণ কৰিব নোৱাৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ স্পষ্ট কথা- তেওঁ ৰাজনীতিলৈ অহাৰ পৰা আজিলৈকে কোনেও তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সৰু প্ৰমাণ এটাও কৰিব পৰা নাই। তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কংগ্ৰেছ নেতাকেইজনৰ বিৰুদ্ধে ৯ ফেব্ৰুৱাৰীত আদালতত গোচৰ তৰিব বুলি উল্লেখ কৰে।
