গৌৰৱৰ চানেকিত অসমৰ ৰঙালী বিহুটি
মঞ্জু কাকতি,শুৱালকুছি
সৃষ্টিৰ বন্যাৰ সাগৰ মন্থন কৰি আমি অনুভৱ কৰো দিন বাগৰি ৰাতি, মাহ বাগৰি বছৰ আহে ঠিক তেনেকৈ প্রকৃতিৰ বুকুত ঋতু বাগৰি ঋতু আহে আৰু দি থৈ যায় প্রতিটো ঋতুৰে মাদকতা।
‘ সুন্দৰে যে ফুলাৰ মন্ত্র অহোৰাত্রি মাতে,সেয়েহে আজি ইমান ফুল প্রভাতে প্রভাতে ‘ চৌদিশে সৌন্দৰ্যৰ পোহাৰ মেলি ভৰ যৌৱনা, চঞ্চলা আৰু মনোমোহা হৈ প্রকৃতিয়ে নিয়মানুসৰি ঋতুৰাজ বসন্তত আৱৰ্ত্তিত হৈ আহে আমাৰ মাজলৈ।
বসন্ত আহে মানে ব’হাগ আহে | ব’হাগ আহে আৰু লগতে আনে ৰং- ৰূপ-সৌন্দৰ্যৰ সমাহাৰ । কুলি-কেতেকীৰ হিয়া জুৰোৱা বিননিত, গছ -বিৰিখৰ সেউজ কুঁহিপাতত নিমজ কোমলতাত, নাহৰ, তগৰ, পলাশ,মদাৰ আৰু কেতেকী ইত্যাদি নানা ফুলৰ দৃষ্টিনন্দন সমাহাৰত এনেদৰেই প্রকৃতিৰ বুকুত গাভৰু হৈ ব’হাগ আহে আমাৰ মাজলৈ ।
ব’হাগ বিহু মূলত:বসন্ত উৎসৱ,কৃষিকেন্দ্রীক উৎসৱ।কৃষিৰ লগত এই বিহুটি ওত:প্রোত ভাৱে জড়িত। পথাৰত সোণোৱালী শস্যৰ সম্ভৱনাৰ বাবে এই বিহুটিত খেতিয়কসকলে গোহালীৰ গৰুক প্রথম দিনাই মাহ-হালধিৰে ধুৱাই, মাখিয়তী,দীঘলতীৰ পাতেৰে মহ-দাহ খেদাই, ডিঙিত নতুন পঘা দি গো -সেৱা কৰে সেয়ে এনে তাৎপৰ্যপূৰ্ণ দিনটোক গৰু বিহু বোলে।
চ’ত, ব’হাগতেই শিপিনীয়ে মৰমৰ দীঘেৰে আৰু চেনেহৰ বাণিৰে বোৱা আদৰৰ ফুলাম গামোচাখনিৰে এই বিহুটিত জ্যেষ্ঠজনলৈ আগবঢ়াই সেৱা কৰে আৰু কনিষ্ঠজনলৈ লগতে প্রেমিক-প্রেমিকালৈ মৰমৰ উপহাৰ যাচে | এই গামোচাখনি প্রতিজন অসমীয়াৰ বাবে মৰম, সন্মান আৰু শ্রদ্ধাৰ প্রতীক। বিহুৰ পৰম্পৰা অনুযায়ী এনেদৰে সাত বিহু পালন কৰে অসমীয়া জাতিয়ে।
জাতিকৃত প্রকৃতিৰ এই বিনন্দীয়া পৰিৱেশতে অসমীয়া চহা ডেকা-গাভৰুৱে হৃদয়ৰ নিভৃত কক্ষৰ পৰা স্বত:স্ফুৰ্ত ভাৱে নিগৰিত যৌৱনৰ গীতেৰে ব’হাগীক, অতিকৈ চেনেহৰ ৰঙালী বিহুটিক আদৰে। বিহুগীতবোৰত ফুটি উঠে জীৱনৰ হৰ্ষ-বিষাদ,বিৰহ-বেদনা , আশা- নিৰাশা , ইত্যাদি ভাৱনাবোৰ। এই সুৰীয়া বিহুগীতবোৰৰ মাজতে অসমীয়া জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যৰ এক অনুপম নান্দনিক প্রকাশ ঘটে।
ব’হাগ বিহুত প্রচলিত বিহুনৃত্য আৰু হুঁচৰি অসমীয়াৰ থলুৱা লোকনৃত্য আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। এই লোকনৃত্যত লোকবাদ্যৰ উপৰিও মুগাৰ সাজ পৰিহিতা নাচনী আৰু ঢুলীয়াৰ আৰ্কষণ আকৰ্ষণীয় হৈ পৰে। লোকবাদ্যৰ ভিতৰত ঢোল, পেঁপা, গগনা,সুতুলি ,বাহী, বাঁহৰ টকা ,বীণ আৰু তাল। এইবিলাক লোকবাদ্যৰ সমাহাৰেৰে বিহুৱা- বিহুৱতীয়ে বিহুগীতেৰে বিহুনৃত্য, হুচৰি পৰিৱেশন কৰে। আকৰ্ষণীয় এই নৃত্য প্রতিজন অসমীয়াৰ দেহৰ শিৰাই শিৰাই প্রৱাহিত হোৱাৰ লগতে সুদুৰ দীগন্ততো এক সুকীয়া আসন লবলৈ সক্ষম হৈছে। আনকি ইমানতে ক্ষান্ত নাথাকি অসমীয়াৰ স্বভিমান আৰু গৌৰৱৰ প্রতীক গামোচাখনিত লোকবাদ্যৰ আহিলা সমূহ যেনে—ঢোল, পেঁপা , গগনা ৰ বুটা বাচে লগতে সংস্কৃতিৰ বাহক জাপিৰো। তাৰোপৰি বৰ্তমান পাট মূগাৰ মেখেলা-চাদৰতো বিহুৱা -বিহুৱতীৰ চানেকি তুলি ধৰা দেখা গৈছে। কাপোৰখন দেখিলেই মনত প্রতিফলিত হয় বিহুগীতৰ শব্দৰ সুমুধুৰ ধ্বনি আৰু নৃত্যৰ লয় লাস আৰু লোকবাদ্যৰ চেৱে চেৱে সুৰৰ প্রতিধ্বনি। সঁচাকৈয়ে শলাগিবলগীয়া আৰু গৌৰৱ কৰিবলগীয়া অসমীয়া শিপিনীৰ এনে সুকুমাৰ শিল্পকলা। এই শিল্পকলাই বিদেশত এক সুকীয়া স্থান লৈছে। তেখেতসকলেও এনে চানেকিক আদৰ কৰে সন্মান কৰে আৰু আগ্রহিত হয় অসমৰ ৰঙালী বিহুটিৰ বিষয়ে সবিশেষ জানিবলৈ। বহু পৰ্যটক অসমলৈ আহে এই বিহুটিৰ গৱেষণা কৰিবলৈ শেষত তেওঁলোকেও ঢোলৰ চেৱত নাচিবলৈ আপ্রাণ চেষ্টা কৰে। আমি গৌৰাৱান্বিত যে কিছু প্রবাসী অসমীয়াই বিদেশত স্বকীয় লোক-সংস্কৃতি ব’হাগী উৎসৱ তথা ৰঙালী বিহু উদযাপন কৰি জাতীয় সত্বা ৰক্ষা কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে। ই নিশ্চিতভাৱে আমাৰ বাবে শুভ লক্ষণ। অনাগত দিনৰ বাবে জাতিৰ সৰ্বদা মঙ্গল | বিহু এতিয়া অসমৰ বৃত্তৰ ভিতৰতে থকা নাই ইয়াৰ পৰিধি অসীমৰ পৰা সসীমলৈ বিয়পিছে। গতিকে গৌৰৱৰ চানেকিত অসমৰ ৰঙালী বিহুটিক চিৰ নমস্য ।