গৌহাটী উচ্ছ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদ্‌যাপনৰ ব্যাপক প্ৰস্ততি

Pc News on Air

গৌহাটী উচ্ছ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদ্‌যাপনৰ ব্যাপক প্ৰস্ততি

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা– গৌহাটী উচ্চ ন্যায়ালয়ে কাইলৈ সম্পূৰ্ণ কৰিব গৌৰৱপূৰ্ণ ৭৫ টা বৰ্ষ এই বিশেষ দিনটো স্মৰণ কৰাৰ বাবে কাইলৈ গৌহাটী উচ্চ ন্যায়ালয়ে এখন সভাৰ আয়োজন কৰিছে; য’ত উপস্থিত থাকিব কেন্দ্রীয় আইন মন্ত্রী কিনে বিভিন্ন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপন মেহতা, উচ্চ ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশৰ লগতে অন্যান্য প্রতিনিধি বর্গ। এই উপলক্ষে এটা পষ্টেল ষ্টাম্প, ‘গৌহাটী হাইকৰ্ট : হিষ্টৰী এণ্ড হেৰিটেজ’ শীৰ্ষক গ্ৰন্থখনিৰ অসমীয়া সংস্কৰণ আৰু লগতে ‘আত্মান’ আলোচনীৰ বিশেষ সংস্কৰণ এটা প্ৰকাশ কৰা হ’ব। আনহাতে অসমৰ ৰাভা, তিৱা, জেমী নগা আৰু বড়ো জনজাতিৰ পৰম্পৰাগত আইন সম্পৰ্কীয় ছখন গ্রন্থ ৬ এপ্রিল, ২০২৩ তাৰিখে বন্দৰ, জাহাজ আৰু জল পৰিবহন তথা আয়ুস বিভাগৰ মন্ত্ৰী সর্বানন্দ সোণোৱালে উন্মোচন কৰিব। ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুমু আৰু দেশৰ মুখ্য ন্যায়াধীশ ডঃ ডি বাই চন্দ্রচূড়ে ৭ এপ্রিল, ২০২৩ তাৰিখে আয়োজন কৰা অন্য এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আনহাতে ১৪ এপ্রিল, ২০২৩ তাৰিখে মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্রী। মহাৰজত জয়ন্তী উপলক্ষে গৌহাটী উচ্চ ন্যায়ালয়ে প্রাক্তন ন্যায়াধীশ, ন্যায়িক সেৱাত ৫০ বছৰ সম্পূৰ্ণ কৰা জ্যেষ্ঠ অধিবক্তা, ৰেজিষ্টাৰ প্ৰাক্তন সদস্য, ন্যায়িক বিষয়া আৰু লগতে অধিবক্তাৰ কেৰাণীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৯৪৮ চনৰ ৫ এপ্ৰিলত প্ৰতিষ্ঠা হোৱা গৌহাটী উচ্চ ন্যায়ালয়ে আৰম্ভণিতে ন্যায়িক সেৱাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চৰ সাতখন ৰাজ্য, অসম, নাগালেও, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশক সামৰি লৈছিল। অৱশ্যে পিছলৈ মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত পৃথক উচ্চ ন্যায়ালয় স্থাপন হোৱাত বৰ্তমান গৌহাটী উচ্চ ন্যায়ালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনৰ বাবে ন্যায়িক সেৱা আগবঢ়াই আহিছে। গৌহাটী উচ্চ ন্যায়ালয় এক অন্যতম প্রতিষ্ঠান যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যক সংযোগ কৰি ৰাখিছে। তদুপৰি কেইবাটাও গুরুত্বপূর্ণ জনস্বার্থ জড়িত ৰায় বিশেষকৈ জনজাতীয় লোকসকলৰ অধিকাৰ সম্পৰ্কীয় ৰায় প্ৰদানেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নজির স্থাপন কৰিবলৈ সক্ষম হৈছে। ইফালে মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি কুইজ প্রতিযোগিতা, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতা আইন সম্পৰ্কীয় বক্তব্য আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ঐতিহ্যক প্ৰদৰ্শনেৰে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।