গৌতম কলিতালৈ ডক্টৰেট ডিগ্ৰী আমেৰিকাৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ

গৌতম কলিতালৈ ডক্টৰেট ডিগ্ৰী আমেৰিকাৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ

কৃষি খণ্ডত সফলতাৰ বাবে স্বীকৃতি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ গৌতম কলিতাই। কৃষি খণ্ডত নিৰৱচ্ছিন্নভাৱে আগবঢ়াই অহা সেৱাৰ বাবে গুৱাহাটীৰ গৌতম কলিতাক আমেৰিকাৰ চিদাৰব্ৰুক বিশ্ববিদ্যালয়ে (Cedarbrook University) কৃষি খণ্ডৰ ডক্টৰেট অব ফিল’ছফি ডিগ্ৰী প্ৰদান কৰিছে। যোৱা ৫ মাৰ্চত প্ৰদান কৰা এই সন্মানীয় ডিগ্ৰী যুৱ প্ৰজন্মৰ মাজত আদৰ্শ হিচাপে পৰিগণিত হ’ব বুলি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ অম্বিকাগিৰী নগৰৰ ভগদত্ত পথ নিৱাসী মহেশ্বৰ কলিতা আৰু গংগা কলিতাৰ পুত্ৰ গৌতম কলিতাই গুজৰাটৰ জুনাগড় অঞ্চলত ২০১৬ চনত প্ৰতিষ্ঠা কৰিলে ‘এগ্ৰিকেয়াৰ বায়’টেক প্ৰাইভেট লিমিটেড’ নামৰ জৈৱিক সাৰ উৎপাদন কৰা কাৰখানাটো। জৈৱিক সাৰৰ বিশ্বজুৰি জনপ্ৰিয়তাৰ কথা তেওঁ ভালদৰে জ্ঞাত। নিজেই স্বাৱলম্বী হোৱাৰ লগতে কলিতাই বহু স্থানীয় যুৱক-যুৱতী, পুৰুষ-মহিলাক কোম্পানীত নিয়োগ কৰি কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়। গুজৰাটৰ দৰে ৰাজ্যৰ পৰাই তেওঁ অসমীয়াক আত্মনিৰ্ভৰশীল হোৱাৰ এটা নতুন বাট দেখুৱাবলৈ সক্ষম হৈছে।

গুজৰাটত স্থাপন কৰা সেই সাৰ কোম্পানীটোৰ এটা পেকেজিং গোট গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰতিষ্ঠা কৰি বহুতো দুখীয়া নিবনুৱা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ লগতে বিভিন্ন ৰাজ্যকে ধৰি অসমৰ প্ৰতিখন জিলাত নিজৰ কোম্পানীৰ ডীলাৰ নিয়োগ কৰে।

শিক্ষিত তথা উদ্যমী যুৱকজনৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘এগ্ৰিকেয়াৰ বায়’টেক’-এ বৰ্তমান প্ৰায় ৬০ বিধ সাৰ আৰু চাপ্লিমেণ্ট উৎপাদন কৰে। কটন মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কলিতাই সাৰ কোম্পানীটোৰ  ৬০০-ৰো অধিক ডীলাৰৰ লগতে সহস্ৰাধিক পাইকাৰী ব্যৱসায়ীৰ জৰিয়তে বছৰি প্ৰায় ৮ৰ পৰা ১০ কোটি টকাৰ সাৰ যোগান ধৰিবলৈ সক্ষম হৈছে। সেই ধনেৰে বহু লোকক দৰমহা দি নিজেও আত্মনিৰ্ভৰশীল হৈছে।