গোৱাৰ শ্ৰীলাইৰাই দেৱী মন্দিৰত পদপিষ্ট হৈ সাতজন নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ গোৱাৰ শিৰগাঁৱৰ শ্ৰীলাইৰাই দেৱী মন্দিৰত অগণন ভক্তৰ ভিৰৰ বাবে সৃষ্টি হোৱা অনিয়ন্ত্রিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পদপিষ্ট হৈ অতি কমেও সাতজন ভক্তৰ প্ৰাণহানি হোৱাৰ লগতে ৮০ৰো অধিক আহত হৈছে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰে । শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । আহতসকলক গোৱা মেডিকেল কলেজ এণ্ড হাস্পতালত ভর্তি কৰোৱা হৈছে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী বিশ্বজিৎ ৰানে প্ৰকাশ কৰা মতে আহতসকলৰ মাজত আঠজনৰ অৱস্থা অতিকৈ গুৰুতৰ। তথ্য মতে শ্ৰীলাইৰাই দেৱী মন্দিৰত বার্ষিক লাইৰাই যাত্রা উপলক্ষে গোৱা আৰু মহাৰাষ্ট্ৰৰ অগণন ভক্তই ভিৰ কৰে। ভিৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইজন ভক্তই সিজনক ঠেলা-ঠেলি কৰাত পদপিষ্ট হৈ সাতজনৰ প্ৰাণহানি হোৱাৰ বিপৰীতে ৮০ৰো অধিক আহত হৈছে। মন্দিৰৰ এই শোকাৱহ দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্রকাশ কৰিছে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে এক শোকবার্তাত ভক্তৰ কৰণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। এই দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।