গোৱাৰ নৈশ ক্লাবত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত অসমৰ ৩জন লোক নিহত

Pc NDTV

গোৱাৰ নৈশ ক্লাবত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত অসমৰ ৩জন লোক নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- গোৱাৰ এটা জনপ্রিয় নৈশ ক্লাবত পার্টী চলি থকা সময়তে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই ঘটনাত মৃত্যু হয় অসমৰ তিনিজনকে ধৰি ২৫জন লোকৰ।অগ্নিকাণ্ডত নিহত লোকসকলৰ ভিতৰত ৪ গৰাকী পৰ্যটক আৰু ১৪ গৰাকী কৰ্মচাৰী আছিল । আনহাতে ৬ জন লোক আহত হয় ।এই ঘটনাৰ বাবেই গ্ৰেপ্তাৰ কৰা হয় ক্লাবটোৰ মেনেজাৰক। অভিযোগ মতে, ক্লাবটো বেআইনীভাৱে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান পথটো আছিল অত্যন্ত ঠেক। ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত অগ্নিনির্বাপক বাহিনীৰ কৰ্মী তালৈ যোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্ৰকাশ পোৱা মতে, অগ্নিকাণ্ডৰ পিছতে ক্লাবৰ ভিতৰত দৌৰা-দৌৰি হয়। প্ৰৱেশ আৰু প্ৰস্থান পথ ঠেক হোৱা বাবে বহু লোকেই তাৰ পৰা ওলাই অহাত সমস্যাত পৰে। ক্লাবটোৰ ভিতৰতে কেইবাগৰাকীও অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। অগ্নিনির্বাপক বাহিনীৰ কৰ্মীসকলে ঠেক পথটোৰ বাবে ৪০০ মিটাৰ দূৰৰ পৰা জুই নুমুওৱাৰ চেষ্টা কৰিবলগা হয়। ফলত জুই নুমুওৱাত বিলম্ব ঘটে। ততাতৈয়াকৈ ক্লাবৰ পৰা বাহিৰ ওলাব নোৱাৰাত ভিতৰত জমা হোৱা ধোঁৱাৰ বাবেই শ্বাসৰুদ্ধ হৈও কেইবাগৰাকীও মৃত্যুমুখত পৰে। গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্তৰ উদ্ধৃতি দি সংবাদ প্রতিষ্ঠানে প্রকাশ কৰিছে যে অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰা হৈছে। ইতিমধ্যে ক্লাবৰ জেনেৰেল মেনেজাৰ আৰু আনকেইজনমানক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ পিছৰে পৰা ক্লাবটোৰ মালিকজন সন্ধানহীন হৈ পৰে। তেওঁৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-‘এই ঘটনাত যিসকল লোক দোষী, তেওঁলোকৰ কাকোৱেই ৰেহাই দিয়া নহ’ব। উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ক্লাবত যথেষ্ট ভিৰ আছিল আৰু ক্লাবৰ দ্বিতীয় মহলাত নাচ-গানৰ আয়োজন কৰা হৈছিল। তাত ক্লাবৰ সদস্য, কর্মী তথা পর্যটককে ধৰি প্ৰায় ১০০জন লোক উপস্থিত আছিল। সেই সময়তে হঠাতে বিস্ফোৰণৰ শব্দ হয়। তাৰ পিছতে জুই বিয়পি পৰে। অগ্নিনির্বাপক বাহিনীৰ প্ৰাথমিক অনুমান মতে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। তেওঁলোকৰ মতে, মৃত লোকসকলৰ ভিতৰত ১৪জন হোটেলৰ কৰ্মী, চাৰিজন পর্যটক আৰু বাকীসকল স্থানীয় লোক। বাতৰিত প্ৰকাশ পোৱা মতে, ক্লাবৰ ভূমি মহলাত থকা মূল পাকঘৰটোৰ পৰা এই অগ্নিকাণ্ডৰ সূত্রপাত হয়। অগ্নিকাণ্ডটোত মৃত্যু হোৱা ১৪জন ক্লাবৰ কৰ্মী আছিল ৰান্ধনিশালত কৰ্মৰত। তেওঁলোকৰ ভিতৰত চাৰিজন নেপালৰ, তিনিজন ঝাৰখণ্ডৰ, ছজন উত্তৰাখণ্ডৰ আৰু এজন অসমৰ বুলি কোৱা হৈছে। ঘটনাটোত প্রাণ হেৰুওৱা অসমৰ তিনিজন লোকক ক্রমে শিলচৰৰ ৰাহুল তাঁতী, কাছাৰৰ ছিলকুৰ গ্ৰাণ্টৰ মনোজিৎ মল আৰু ধেমাজিৰ দিগন্ত পাতিৰ বুলি কোৱা হৈছে। মৃত্যু হোৱা পর্যটক চাৰিগৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।