গোৱাৰ নাইট ক্লাবত অগ্নিকাণ্ডৰ ঘটনা থাইলেণ্ডলৈ পলায়ন নৈশ ক্লাবৰ মালিক ভাতৃদ্বয়

Pc NDTV

গোৱাৰ নাইট ক্লাবত অগ্নিকাণ্ডৰ ঘটনা থাইলেণ্ডলৈ পলায়ন নৈশ ক্লাবৰ মালিক ভাতৃদ্বয়

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা শনিবাৰে নিশা উত্তৰ গোৱাৰ এটা নৈশ ক্লাবত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হোৱা পলায়ন কৰে পাছতে  ক্লাৱৰ স্বত্বাধিকাৰী সৌৰভ আৰু গৌৰৱ লুথৰা তথা উত্তৰ গোৱাৰ আৰপোৰাৰ বাৰ্চ নৈশ ক্লাবৰ মালিকসকল। লুথৰা ভাতৃদ্বয়ক দেশলৈ ওভতাই অনাৰ বাবে ইণ্টাৰপ’লৰ সাহায্য বিচাৰিছে চিবিআয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে লুথৰা ভাতৃদ্বয়ৰ বিৰুদ্ধে ব্লুকৰ্মাৰ নটিছ জাৰি কৰাৰ বাবে ইণ্টাৰপ’লক অনুৰোধ জনাইছে। গোৱা আৰক্ষীৰ তৰফৰ পৰাও লুথৰা ভাতৃদ্বয়ৰ বিৰুদ্ধে লুকআউট চাকোলাৰ (এলঅ’চি) জাৰি কৰিছে। যি সময়ত অগ্নিকাণ্ডটো সংঘটিত হৈছিল, সেই সময়ত লুথৰা ভাতৃদ্বয় আছিল দিল্লীত। গোৱা আৰক্ষীৰ এটা দলে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ বাবে দিল্লীলৈ ৰাওনা হয়। কিন্তু তালৈ গৈ দুয়োৰে কোনো শুংসূত্র নাপায়। তেওঁলোকৰ বাসভৱনত নটিছ থৈ আহে আৰক্ষীয়ে। তাৰ পিছদিনা গোৱা আৰক্ষীৰ অনুৰোধত অভিবাসন দপ্তৰে লুকআউট চাকোলাৰ জাৰি কৰে। তদন্তকাৰী বিষয়াগৰাকীয়ে জনোৱা মতে, তেওঁলোকে মুম্বাইৰ ব্যুৰ’ অৱ ইমিগ্ৰেচনৰ সৈতে যোগাযোগ কৰাত জানিবলৈ পায় যে দেওবাৰে নিচেই পুৱা ৫.৩০ বজাত থাইলেণ্ডৰ ফুকেট অভিমুখে ৰাওনা হয় দুই ভাতৃ। তাৰ পিছতেই ইণ্টাৰপ’লৰ সৈতে চিবিআইৰ যোগেদি যোগাযোগ কৰে গোৱা পুলিচে।