গোৱালপাৰা, ধুবুৰী, মানকাচাৰত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা
উচ্ছেদ, স্মাৰ্ট মিটাৰ, দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ মনোজ ধানোৱাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টি চমুকৈ ‘আপে’। নামনি অসমৰ গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা- মানকাচাৰ জিলাত দলৰ গণভিত্তি শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে সম্পন্ন কৰিছে সম্পৰ্ক যাত্ৰা অভিযান। এই কাৰ্যসূচীৰ অংশ হিচাপে সভাপতি ধানোৱাৰে জিলা কেইখনৰ একাংশ নেতৃত্ব স্থানীয় তথা বিশিষ্ট লোকক সাক্ষাৎ কৰে। পূৱ গোৱালপাৰাৰ বৰপাহাৰত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰি ধানোৱাৰে ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত আপক শক্তিশালী কৰিবলৈ আহ্বান জনায় । ধুবুৰী জিলাৰ বিলাসীপাৰাতো আপৰ নেতা- কৰ্মী সকলে সম্পৰ্ক যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। আপৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত জনসভা অনুষ্ঠিত হয়। সভাত বিজেপি আৰু এআইডিইউএফৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে আপৰ উন্নয়নৰ ৰাজনীতি সকলোকে আকোঁৱালি ল’বলৈ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে আহ্বান জনায়। ধুবুৰীৰ গৌৰীপুৰত পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ দুহিতা অলকা পাণ্ডেক আপৰ সভাপতি মনোজ ধানোৱাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে, দক্ষিণ শালমাৰা মানকাচাৰ জিলাত অনুষ্ঠিত হোৱা দলৰ এখন সমাবেশত কেইবাশ লোকে আপত যোগদান কৰে। জিলাখনৰ কুছনিমাৰা গাওঁ পঞ্চায়তত অনুষ্ঠিত সমাবেশত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হয়। দিল্লী চৰকাৰৰ উন্নয়নৰ মডেলক আদৰ্শ হিচাপে গ্ৰহণ কৰিবলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায়। জনাকীৰ্ণ দলীয় সমাবেশত অংশগ্ৰহণ কৰি ধানোৱাৰে অসম চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযান আৰু স্মাৰ্ট মিটাৰৰ তীব্ৰ বিৰোধিতা কৰে।