গোৱালপাৰাৰ দুৰ্গা মন্দিৰত মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

গোৱালপাৰাৰ দুৰ্গা মন্দিৰত মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

ৰঙিলী বাৰ্ত্তাসেৱা-  গোৱালপাৰা চহৰৰ দুর্গা মন্দিৰত মঙলবাৰে নিশা ৯ মান বজাত দুর্বৃত্তই তাণ্ডৱ চলায়। দুর্বৃত্তই দেৱ-দেৱীৰ কেইবাটাও মূর্তি ভাঙি পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গোৱালপাৰা চহৰৰ দুর্গা মন্দিৰত থকা শিৱ মন্দিৰ, মা মনসা মন্দিৰ আৰু দুর্গা মন্দিৰৰ দেৱ-দেৱীৰ মূৰ্তিসমূহ দুর্বৃত্তই ভাঙি পেলায়। মন্দিৰত মূৰ্তি ভঙাৰ শব্দ শুনি মন্দিৰৰ সম্পাদক বনমালী দাসে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাত এজনে তেওঁৰ হাতত কামুৰি পলায়ন কৰে। দুর্বৃত্তই পেলাই থৈ যোৱা কাপোৰ আৰু মোবাইল ফোনটো উদ্ধাৰ কৰা হয়। এই ঘটনাৰ খবৰ চাৰিওফালে বিয়পি পৰাত শ শ লোকৰ সমাগম হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাস্থলীত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, বেংগলী ফেডাৰেচনৰ লগতে শ শ লোক সমবেত হৈ বিভিন্ন শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইতিমধ্যে দুর্বৃত্তই হাতত কামুৰি গুৰুতৰভাৱে আহত কৰা বনমালী দাসক চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুবৃত্তই দানৰ বাকচো ভাঙে। ঘটনাস্থলীত আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ- আৰক্ষী অধীক্ষক আদি কৰি আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুর্বৃত্তৰ এনে কাণ্ডক সহজভাৱে মানি ল’ব পৰা নাই স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল- সংগঠনে ।শীঘ্রে দুর্বৃত্তক কাৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজৰ লগতে বিভিন্ন দল- সংগঠনে। ইপিনে, নিশা প্রায় ২ বজাত ৰাইজে চহৰৰ নিউ মার্কেটৰ পৰা মূর্তি ভাঙি পেলোৱা এজনক আটক কৰি আৰক্ষীক গতাই দিয়ে। ৰাইজে আটক কৰা লোকজন হ’ল সাবুদ্দিন আলী। ইতিমধ্যে গোৱালপাৰা সদৰ আৰক্ষীয়ে সাবুদ্দিনক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে। দেৱীৰ মূৰ্তিসমূহ ভাঙি পেলোৱা সাহাবুদ্দিনক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৰাইজে।