গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল বন বিভাগৰ উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান। গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান কৰে। গোৱালপাৰা জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পুৱা ৭ বজাৰ পৰা ৪০খন এক্সকেভেটৰেৰে সমগ্ৰ বেদখলকৃত এলেকাটোক ৫টা খণ্ডত বিভক্ত কৰি আৰক্ষী, ব্লেক কমাণ্ডো তথা বন সুৰক্ষা বাহিনীৰ জোৱান মোতায়েন কৰি উচ্ছেদ অভিযান চলোৱা হয়। বন বিভাগৰ বিশেষ সচিব এম কে যাদব, আয়ুক্ত প্রদীপ টিমুং, আৰক্ষী অধীক্ষক নৱনীত মহন্তকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। এই উচ্ছেদ অভিযানত ৫৮০টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলোৱাৰ লগতে সোণাপুৰ মছজিদকে ধৰি মুঠ ৪টা মছজিদৰ লগতে সোণাপুৰত থকা কুৰিখনতকৈ অধিক ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে। উল্লেখ্য যে দহিকটা সংৰক্ষিত বনাঞ্চলৰ মাজত থকা গোৱালপাৰাৰ ঐতিহাসিক শ্রীসূর্য পাহাৰ মহাপীঠস্থানৰ মুঠ ২,৫৫২ বিঘা ভূমিৰ ৮৮১ বিঘাই অবৈধ দখলকাৰীৰ কবলত আছিল। এই উচ্ছেদ অভিযানৰ ফলত সম্পূৰ্ণৰূপে বেদখলমুক্ত হয় মহাপীঠস্থানখনো। ইফালে, দহিকটা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত হোৱাৰ বাতৰিত সন্তোষ প্রকাশ কৰিছে গোৱালপাৰাৰ প্রকৃতিপ্রেমীসকলে। পূর্বে বন্যহস্তীৰ মুক্ত বিচৰণস্থলী তথা আশ্রয়স্থলী হিচাপে পৰিচিত দহিকটা সংৰক্ষিত বনাঞ্চল ২০-২৫ বছৰ ধৰি একাংশ সন্দেহযুক্ত লোকে বেদখল কৰি বাসগৃহ নিৰ্মাণ কৰি একোখন বৃহৎ বৃহৎ গাঁও স্থাপন কৰাৰ লগতে মছজিদ তথা বৃহৎ বজাৰৰ সৃষ্টি কৰিছিল। ফলত, বন্যহস্তীয়ে বিচৰণ কৰাৰ কোনো পৰিৱেশ নথকাত কাষৰীয়া অঞ্চল লালাবড়ী, দহিকটা, ৰাজাপাৰা, মৰনৈ, নেপালীখুঁটি, মাটিয়া আদি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে। অৱশেষত এতিয়াৰে পৰা বনহস্তীয়ে যেন পুনৰ ঘূৰাই পালে নিজৰ বাসস্থান। ইফালে, উচ্ছেদস্থলীত উপস্থিত থাকি আয়ুক্ত প্রদীপ টিমুঙে কয় যে উচ্চ ন্যায়ালয়ৰ নির্দেশনা মর্মেই মুঠ ৩০ দিন সময়সীমা দি উচ্ছেদৰ জাননী জাৰী কৰি নিজৰ নিজৰ ঘৰ-বাৰী উঠাই ল’বলৈ সুবিধা দিয়া হৈছিল। ইফালে, শেষৰ দুদিন বহু লোকে নিজেই ঘৰ-বাৰী ভাঙি আঁতৰি যায়। ৫টা ব্লকত বিভক্ত কৰি বেদখল হৈ থকা মুঠ ১,১৪০ বিঘা ভূমিত বসবাসকাৰী ৫৮০টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰীৰ পিছত সংশ্লিষ্ট সকলো বিভাগৰ যৌথ অভিযানত উচ্ছেদ চলোৱা হয়। উচ্ছেদ অভিযান সন্দর্ভত বন বিভাগৰ দায়িত্বত থকা বিশেষ সচিব এম কে যাদবে এখন সংবাদ মেল সম্বোধন কৰি কয় যে কোনো অসুবিধা নোহোৱাকৈ শান্তিপূর্ণভাৱেই দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১৫৩ হেক্টৰ অৰ্থাৎ ১,১৪০ বিঘা ভূমি বেদখল কৰি বাস কৰি থকা ৫৮৮টা পৰিয়ালৰ প্রায় ৮০০ৰ পৰা ৮৫০টা ঘৰ ভাঙি উচ্ছেদ কৰা হয়। অৱশ্যে উচ্ছেদ অভিযানৰ পূর্বেই বহু লোকে স্বতস্ফূর্তভাবেই বনাঞ্চলৰ পৰা ওলাই যোৱা বুলি উল্লেখ কৰে বিশেষ সচিবগৰাকীয়ে। এইদৰে ঐতিহ্যমণ্ডিত সূর্য পাহাৰৰ সৈতে জড়িত হৈ থকা বন্যহস্তীৰ স্থান দহিকটা সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিখিনি কোনোধৰণৰ অসুবিধা নোহোৱাকৈ মানুহ কুলৰ পৰা হাতী কুলক ঘূৰাই দিয়া হ’ল। কাইলৈৰ পৰা উদ্ধাৰ হোৱা ভূমিখিনিৰ সুৰক্ষাৰ বাবে বেৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে ৫০ হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰা হ’ব বুলি উল্লেখ কৰে এম কে যাদবে। ইফালে, মাৰ্চ মাহৰ ভিতৰত গোটেই এলেকাত বৃক্ষৰোপণ কৰাৰ লগতে হাতীৰ বাবে প্রযোজ্য খাদ্য আৰু গছ-গছনি ৰোপণ কৰা হ’ব। ৪-৫ বছৰৰ ভিতৰত অঞ্চলটো বনাঞ্চলেৰে চহকী হৈ উঠিব বুলিও আশা প্রকাশ কৰে বিশেষ সচিবগৰাকীয়ে। গোৱালপাৰা জিলাত বিগত সময়ত হোৱা উচ্ছেদ অভিযানৰ ফলত হাতী-মানুহৰ সংঘাত হ্রাস পোৱাৰ লগতে উচ্ছেদিত অঞ্চলত নিজে নিজেই হাতী অহা বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে। ইফালে, উচ্ছেদস্থলীত উপস্থিত থকা গোৱালপাৰাৰ ডিএফঅ’ তেজশ মৰিস্বামীয়ে সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ সকলো সংৰক্ষিত বনাঞ্চল অর্থাৎ আৰএফঅ’ত উচ্ছেদ অভিযান চলোৱা হ’ব। ইতিমধ্যে লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত আৰএফঅ’ত উচ্ছেদ অভিযান সম্পূৰ্ণ হোৱাৰ বিপৰীতে কৃষ্ণাই মধ্য বনাঞ্চললিকৰ অন্তর্গত এলেকাত আংক্ষিকভাবে উচ্ছেদ অভিযান চলোৱা হৈছে। জিলাখনৰ সকলো সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ পৰা উদ্ধাৰ হ’লে হাতী-মানুহৰ সংঘাত হ্রাস পাব বুলি উল্লেখ কৰে বন বিষয়াগৰাকীয়ে। ইফালে, বনাঞ্চলৰ ভিতৰত থকা পট্টা মাটি সন্দর্ভত তেওঁ কয় যে তদন্ত কৰি ব্যৱস্থা গ্রহণ কৰা হ’ব।
