গোৱালপাৰাত পুনৰ আৰম্ভ বন ধ্বংসযজ্ঞ

গোৱালপাৰাত পুনৰ আৰম্ভ বন ধ্বংসযজ্ঞ

ৰঙিলী বাৰ্ত্তাসেৱা-  গোৱালপাৰাত পুনৰ আৰম্ভ বন ধ্বংসযজ্ঞ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত হাজৰ হাজাৰ শালগছ কাটিছে বন বিভাগে।শেহতীয়াকৈ গোৱালপাৰা জিলাৰ কৃষ্ণাইত বনবিভাগে পথ সম্প্ৰসাৰণৰ নামত হাজাৰ-হাজাৰ শালগছ কাটি তহিলং কৰাৰ পাছত এইবাৰ একেখন জিলাৰে আগিয়াত হাজাৰ-হাজাৰ শালগছ কাটিছে বন বিভাগে। গোৱালপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আগিয়াৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথ সম্প্রসাৰণৰ নামত এই শালগছসমূহ কাটিছে বনবিভাগে। উক্ত পথত থকা প্ৰায় ৫০-৬০ বছৰ পুৰণি প্রকাণ্ড প্রকাণ্ড শালগছ কাটি তহিলং কৰিছে বিভাগটোৱে। বন বিভাগৰ এই কাৰ্যত ক্ষোভ প্রকাশ স্থানীয় ৰাইজৰ লগতে ৰাজ্যৰ প্রকৃতিপ্রেমী সংগঠনৰ। গোৱালপাৰাত ইটোৰ পাছত সিটো বন ধ্বংসযজ্ঞ কাৰ্যক ধিক্কাৰ জনাইছে প্রকৃতিপ্রেমীয়ে।