গোৱালপাৰাত চুলি গজাবলৈ গৈ আঠু কাঢ়িবলগীয়া হ’ল পংকজ পাঠকে
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাত চুলি নোহোৱা লোকসকলৰ চুলি গজাবলৈ গৈ কাণত ধৰি আঠু কাঢ়ি ক্ষমা খুজিবলগীয়া হ’ল পংকজ পাঠকে।জানিব পৰা মতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ লগতে এগৰাকী মহিলাক পংকজ পাঠকৰ দলে দুৰ্ব্যৱহাৰ কৰাৰ বাবে এই পৰিস্থিতিৰ সন্মুখীন হয় পংকজ পাঠক। গোৱালপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। উল্লেখ্য যে, শেহতীয়াকৈ পংকজ পাঠকে ৰাজ্যজুৰি চুলি নোহোৱা লোকসকলৰ মূৰত চুলি গজোৱাৰ এক বনৌষধ তৈয়াৰ কৰি সফলতা লাভ কৰাৰ দাবী কৰিছে। সেই অনুসৰিয়েই তেওঁ এই বনৌষধ প্ৰথমে নিজৰ প্ৰতিষ্ঠানত বিনামূলীয়াকৈ হাজাৰ হাজাৰ মানুহৰ মূৰত লগোৱাৰ পিছত এই অভিযান ৰাজ্যৰ আন আন জিলালৈ সম্প্ৰসাৰণ কৰিছিল। সেই মতেই আজি গোৱালপাৰাৰ বিহু ফিল্ডত আছিল আজি পংকজ পাঠকৰ চুলি গজোৱাৰ শিবিৰ। এই শিবিৰতো হাজাৰৰো অধিক লোকৰ সমাগম হৈছে। অভিযোগ অনুসৰি এই শিবিৰতে অৱসৰপ্ৰাপ্ত শিক্ষক তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰোপৰি আন এগৰাকী মহিলাকো তেওঁৰ দলৰে একাংশই আক্ৰমণ তথা দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ইফালে তপন চক্ৰৱৰ্তী আজিৰ শিবিৰ অনুষ্ঠিত হোৱা বিহু ফিল্ড কমিটীৰ সাধাৰণ সম্পাদক। এনে অভিযোগৰ বাবেই তেওঁক বিহুফিল্ডত আবদ্ধ কৰি পৰৱৰ্তী সময়ত আঠু কাঢ়ি, কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য কৰে। পংকজ পাঠকৰ সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
