গোৱালপাৰাত এবিভিপিৰ ৰাজ্যিক কাৰ্য্যসমিতি বৈঠক সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- দুই লাখ সদস্যতা ভৰ্তি আৰু আগন্তুক লক্ষীমপুৰত ‘৩০ সংখ্যক’ ৰাজ্যিক অধিৱেশন সম্পৰ্কে আলোচনা হয়৷ ঐতিহাসিক চহৰ গোৱালপাৰাত এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্য্যসমিতিৰ বৈঠক সম্পন্ন হয়। বৈঠকত এবিভিপি অসম প্ৰদেশৰ আগন্তুক দিনৰ কাৰ্যক্ৰম সমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয়। এবিভিপিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এই সমিতিৰ বৈঠকত আগন্তুক অসম প্ৰদেশৰ সদস্যতা লক্ষ্য ২ লাখ কেনেদৰে সম্পূৰ্ণ কৰি এই অভিযান সফল কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। এই বৈঠকতেই লক্ষীমপুৰত এবিভিপিৰ আগন্তুক ‘৩০ সংখ্যক’ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হোৱা এই বৈঠকত আগন্তুক সময়ত অসম প্ৰদেশৰ সাংগঠনিক কাৰ্যক্ৰম সমূহ যেনে নতুন শাখা গঠন, দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰ, বিভিন্ন শৈক্ষিক আৰু সামাজিক বিষয় আদিৰ ওপৰতো এই কাৰ্য্যসমিতিৰ বৈঠকত বিষদ ভাবে আলোচনা কৰি সেই সিদ্ধান্ত সমূহ কেনেদৰে ৰূপায়ণ কৰিব পাৰি তাৰ ৰূপ ৰেখা প্ৰস্তুত কৰা হয়।এই বৈঠকত বিশেষ ভাৱে উপস্থিত থাকে ৰাজ্যিক সভাপতি ৰীতামণি বৈশ্য, ৰাজ্যিক উপ-সভাপতি মৈহুৰ্চা বড়ো, ৰাজ্যিক সম্পাদক হেৰল্ড মহন, ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰ, ৰাজ্যিক সহ সাংগঠনিক সম্পাদক বিপুল ৰাভা বিশেষ ভাৱে উপস্থিত থাকে।