গোৱাত উজ্জ্বলিল অসম কন্যা

গোৱাত উজ্জ্বলিল অসম কন্যা

ৰঙিলী বাৰ্ত্তাসেৱা- গোৱাত সৌন্দৰ্য প্ৰতিযোগিতাত উজ্জ্বলিল অসম জীয়ৰী তনয়া হাজৰিকা৷তেজপুৰৰ জীয়ৰী গুৱাহাটী নিবাসী তনয়াই স্পাৰ্ক দ্যা আলটিমেট ফায়াৰ মিষ্টাৰ এণ্ড মিচেছ ২০২৩ বৰ্ষৰ খিতাপ দখল কৰে৷তনয়াৰ সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে তনয়াৰ গৃহ চহৰ তেজপুুৰৰ লগতে সমগ্ৰ অসমবাসী৷ ইয়াৰ আগতে তনয়াই “স্পাৰ্ক কিডচ জুনিয়ৰ মিছ নৰ্থ ইষ্ট ইণ্ডিয়া “খিতাপ দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৷৷”St.Mary’s Higher secondary school “ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী তনয়া৷পিতৃ প্ৰাণ্জু হাজৰিকা আৰু নিহাৰিকা বৰাৰ সুযোগ্যা কন্যা তনয়াৰ সংগীততো আছে ব্যুৎপত্তি৷৷