গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে গোৰেশ্বৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ জিলাৰ গুৰমৌত নৱনির্মিত বাথৌ মন্দিৰৰ শুভ উদ্বোধন উপলক্ষে আয়োজিত মাংগলিক অনুষ্ঠানতো অংশগ্রহণ কৰে। বাথৌ মন্দিৰে বড়ো সমাজৰ আধ্যত্মিক জীৱনধাৰা শক্তিশালী কৰি আহিছে বুলি অনুষ্ঠানত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শতাধিক বাথৌ থানচালি নিৰ্মাণৰ বাবে সহায়-সহযোগিতা আগ বঢ়াইছে। ভাষণত মুখ্যমন্ত্রীয়ে জাতি-জনগোষ্ঠীসমূহৰ স্বকীয় পৰিচয় ৰক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে দিছপুৰৰ মন্ত্ৰী আৱাসৰ পৰিসৰত এখন বাথৌ থানচালি নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ গুৰমৌত বাথৌ মন্দিৰ চৌহদতে থকা শ্রীশ্রীজগন্নাথ মন্দিৰতো সেৱা আগবঢ়ায়। মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিটিআৰৰ গোৰেশ্বৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়ো, বিজেপিৰ যুৱ নেতা চক্ৰধৰ বড়ো আদি‌য়ে। মুখ্যমন্ত্রী ড° শর্মাই দলীয় কর্মীৰ উপস্থিতিত গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয়টোৰো শুভ উদ্বোধন কৰে।