গোৰেশ্বৰত ড° ভীমৰাও আম্বেদকাৰৰ মৃত্যুবাৰ্ষিকী- সাম্প্ৰদায়িক সম্প্ৰীতি দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে তামুলপুৰ জিলাৰ গোৰেশ্বৰতো ড° ভীমৰাও আম্বেদকাৰৰ মৃত্যুবাৰ্ষিকী আৰু সাম্প্ৰদায়িক সম্প্ৰীতি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ডিৱাইএফআইৰ তামুলপুৰ জিলাৰ যুটীয়া সম্পাদক বিৰাজ কুমাৰ ডেকা, গোৰেশ্বৰ আঞ্চলিক সম্পাদক মায়া ডেকা, এছ এফ আইৰ তামুলপুৰ জিলা সম্পাদক সঞ্জীৱ বৈশ্য, আঞ্চলিক সভাপতি কাকুমণি ডেকা, বিশিষ্ট বাওঁপন্থী নেতা কৰুণা ভূঞা, বাপু বড়ো, শংকৰ চৌধুৰী প্ৰমূখ্যে অৰ্ধশতাধিক যুৱ-ছাত্রই শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে।