গোসাঁইগাওঁত বিদ্যুৎ কৰ্তনকলৈ তীব্ৰ প্ৰতিবাদ

গোসাঁইগাওঁত বিদ্যুৎ কৰ্তনকলৈ তীব্ৰ প্ৰতিবাদ

গোসাঁইগাওঁ,ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত তেলিপাৰা বজাৰত বিদ্যুৎ কৰ্তনকলৈ দৈনিক বজাৰ ব্যৱসায়ী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত তেলিপাৰা দৈনিক বজাৰ দোকান সমূহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ফলত ব্যৱসায়ী সকলে ১ মাহৰ পৰা চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে।বজাৰৰ বিদ্যুত সংযোগ কৰ্তন কৰাৰ কাৰণ APDCL ৰ কৰ্তৃপক্ষই গ্ৰাহক সকলক জনায় যে বজাৰৰ ব্যৱসায়ী সকলৰ বিদ্যুৎ মাচুল বহু পৰিমাণৰ ধন প্ৰায় ২২ লাখ টকা বিদ্যুৎ মাচুল বাকী আছে গতিকে তেলিপাৰা বজাৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়। প্ৰায় ২২ লাখ টকাৰ হিচাপ ব্যৱসায়ী সকলে অৱগত হোৱাৰ পিছত ব্যৱসায়ী সকলে হতভম্ব হৈ পৰে। কিয়নো তেলিপাৰা বজাৰৰ ব্যৱসায়ী সকলে প্ৰতিমাহে তেলিপাৰা ব্যৱসায়ী সমিতিৰ বিষয়ববীয়া খলিলউদ্দিন শ্বেখক প্ৰতি মাহে বিদ্যুত মাচুল আদায় দি আহিছিল৷কিন্তু কিয়,কি কাৰণত খলিলউদ্দিন শেখে বিদ্যুৎ বিভাগক আমি দিয়া বিদ্যুৎৰ বিল জমা দিয়া নাই ইয়াৰ ফলত ব্যৱসায়ী সকলে ১ মাহ ধৰি বিদ্যুৎহীন অৱস্থাত ভুগিছে সেইবাবে আজি তেলিপাৰা বজাৰত খলিলউদ্দিন শেখ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷