গোলাপ কলিটি – এছ ইছলাম

গোলাপ কলিটি 
এছ ইছলাম, বৰপেটা
কিয়নো হাঁহিছা গোলাপ কলিটি
কি ৰং লাগিছে তোৰ মনত
নেজানা নেভাবা একোকে নুশুনা
বিভোৰ আপোন উলাহত।
কিমান নো হাঁহিবি এই জগতত
কিমান নো আশা তোৰ
আশাৰ বন্তি তোৰ নুমাব এদিন
ক্ষন্তেকীয়া এই জীৱনৰ ।
সৌৰভ ভৰা সুন্দৰ হাঁহিবোৰ
যিদিনা সৰি পৰি যাব
সিদিনাই দেহি তোমাৰ মুখলৈ
কোনেও নোচোৱা হ’ব!
মিছাতে কিয় কৰিছ গৌৰৱ
মনতে ভাবিছ কিমান সুন্দৰ
কিন্তু ইযে সকলো মায়াৰে ভৰা
মায়াৰে আবৰি আছে এই বসুন্ধৰা।