গোলাপী নিচা -ইভা গন্ধীয়া ফুকন

Pc Pixabay
গোলাপী নিচা 
              ইংৰাজ শাসন কালতে গঢ়ি উঠিছিল চাহ বাগিচা। গছ- গছনি ৰোৱা হৈছিল। চাহ বাগিচাত কাম কৰিবলৈ আনিছিল বনুৱা। বুধোৱাৰ পূৰ্বপুৰুষ সকলো চাগৈ তেনেকৈয়ে অহা। বুধোৱাৰ জন্ম পিছে ওৰাং চাহ বাগিচাতে।ওৰাং জনজাতি লোক বেছি আছিল বাবে ওৰাং অভ্যয়াৰণ্য নামটো হ’ল বুলি কোৱা হয়। ইংৰাজে “ওৰাং গেম ৰিজাৰ্ভ ” অৰ্থাৎ পশু চিকাৰ থলী ঘোষণা কৰিছিল। চাহ বাগিচাৰ মেনেজাৰে বাঘ চিকাৰ কৰি তৃষ্ণা দুৰ কৰিছিল।ইয়াত সুন্দৰ সুন্দৰ ঘাঁহ- বন দেখি গাখীৰৰ খুটিবোৰ বহিছিল। উনৈশ শ পঁচাশী চনতহে ওৰাং অভ্যয়াৰণ্য ঘোষণা কৰা হ’ল। ওৰাংৰ ৰসগোল্লাৰ নাম আছে।
               বুধোৱাৰ ঘৰত গৰুৰ ফাৰ্ম এখন আছিল ।তাৰে গাখীৰ তেওঁ গোটেই অঞ্চলত দিছিল বুলি ক’ব পাৰি।পত্নী পুত্ৰ আৰু জীয়েক ফুলমতী।সকলোৱে গৰু গাই পালনত সহায় কৰে ।ফুলমতী গাভৰু হ’ল । চেহেৰা দেখনিয়াৰ দেহত যৌৱনৰ জিলিকনি। একে গাঁৱৰে চফল ডেকা ফাগুন । ফুলমতীৰ ঘৰলৈ সঘন অহা যোৱা। কেতিয়াবা গৰু বন্ধা কেতিয়াবা গাখীৰ খীৰোৱা কামত সহায় কৰি দিয়ে।ফুলমতী আৰু ফাগুনৰ চাৰি চকুৰ মিলনত প্ৰেমৰ কলি ফুলিবলৈ ধৰিলে। ফাগুনৰ উপৰিপুৰুষকো চাগৈ ইংৰাজে আনিছিল চাহ বাগিচাত কাম কৰিবলৈ। ফাগুন মাহত জন্ম কাৰণে তাৰ নাম ফাগুন ৰাখিলে । ফাগুনে হাই স্কুলৰ দেওনা পাৰ কৰিছিল। সেয়ে সি বাগানৰ মাইকী মহৰি কামত সোমাল ।তাৰ দুবছৰ মানৰ পিছত ফুলমতীক বিয়া কৰাম বুলি ফুলমতীৰ বাপেকক কথাটো ক’লে ।বাপাকেও বাগানৰ চাকৰি কৰে যেতিয়া জীয়েকক দুবেলা দুসাঁজ ভালকৈ খোৱাব পাৰিব বুলি বিয়া দিবলৈ ৰাজী হ’ল । পৰম্পৰা অনুসৰি দুয়োৰে বিয়াখন বাগানীয়া নিয়মত অনুষ্ঠিত কৰা হ’ল । মাডলৰ তালে তালে ঝুমুৰৰ নৃত্যত ফাগুন ফুলমতীৰ সপোনে সাৰ পাই দিঠকৰ দুৱাৰমুখ পাইছে । মনত হেজাৰ হেঁপাহ জাগিছে দুখন হৃদয় এক হোৱাৰ ।ৰঙা পাৰিৰ বগা শাৰী ভৰিত ৰঙা আলতাৰ চিংগাৰে ফুলমতীক অপেশ্বৰী যেন দেখাইছে। ফাগুনে আঁৰচকুৰে ফুলমতীক চাইছে। সৰগৰ সকলো ৰূপ- লাবণ্য ফুলমতীৰ গাতে যেন জিলিকি উঠিছে ।
                 বিয়াৰ চাৰি বছৰত দুটি সন্তানৰ  বাপেক মাক হ’ল ফাগুন ফুলমতী।ল’ৰা ছোৱালী দুটি স্কুল যাব পৰাকৈ ডাঙৰ হোৱাত ওচৰৰ স্কুলত নাম লগাই দিলে। ফুলমতীৰ অকলে থাকি আমনি লাগে বুলি তাইয়ো বাগানৰ ফেক্টৰীৰ কামত সোমাল।ফাগুন লগৰ সংগত পৰি চুলাই মদ খাবলৈ ধৰিলে ।এই নিচা দিনক দিনে বাঢ়ি যাব ধৰিলে। ফুলমতীয়ে বুজাব গ’লে ওলোটাই তাইকে গালি – শপনি দিয়ে ।সন্ধ্যা প্ৰায় মাতাল হৈ ঘৰ সোমায় ।ফুলমতী আৰু লৰা – ছোৱালীয়ে কি খাইছে কি কৰিছে তাৰ খবৰ লবলৈ ফাগুনৰ সময় নাই। ফুলমতীয়ে ল’ৰা -ছোৱালীৰ আগত হুলস্থুল নকৰোঁ বুলি ভাবি একো নোকোৱাকৈ সহ্য কৰি থাকে। তাই ল’ৰা -ছোৱালী চম্ভালি ঘৰখন ধৰি আছে । নিজৰ কৰ্তব্যও নিষ্ঠাৰে পালন কৰি গৈছে ।
                ফুলমতী ফেক্টৰিত কাম কৰি থাকোতে মেনেজাৰ ব্ৰনছন চাহাবৰ চকুত পৰে । সহজতে পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা তাইৰ সুগ্ৰহী দেহৰ গঠন,উঠন বুকু। ফুলমতীক ফেক্টৰিৰ কামৰ পৰা আনি মেনেজাৰৰ ঘৰত ভাত ৰন্ধা কামত নিয়োগ কৰিলে। ব্ৰনছন চাহাব অকলে থাকে বাংলাত।ঘৰ চাফা কৰা মানুহ , ফুলৰ মালী আদিয়ে নিজৰ নিজৰ কাম কৰি যায় । কেতিয়াবা চাহাব ৰুমত থাকে কেতিয়াবা নাথাকে ফুলমতীয়ে নিজৰ ভাত ৰন্ধা কাম কৰি গুচি আহে ।চাহাব থাকিলে কি কি ৰান্ধিব সুধি ৰান্ধে নাথাকিলে নিজৰ পছন্দ মতে ৰান্ধি আহে।ব্ৰনছন চাহাব থাকিলে তাইও ভাত ৰুটি ৰান্ধি ভাল পায় মাজে মাজে দুই এষাৰ কথা পাতি পাতি । চাহাবৰ কিন্তু কি কেনেকৈ ৰান্ধিছে তাৰ প্ৰতি গুৰুত্ব নাই। চাহাবৰ নজৰ ফুলমতীৰ ওপৰতহে । কেতিয়াবা ভাত ৰান্ধি থাকোতে সুবিধা বুজি পিছফালৰ পৰা সাৱটি ধৰে । ফুলমতী  — “এই চাহেব এইৰকম নাই কৰবে হা আঁতৰ হ মোৰ বহুত চৰম লাগে ।” ব্ৰনছন চাহাব — “ফুলমতী তই ভেৰি বিউটিফুল আছ ৰে তোক এই ৰকম ধৰি বহুত মজা লাগে ।” ফুলমতীৰ লাজত দুই গাল ৰঙা পৰি যায় ।তাইৰ ৰঙা আলতা লগোৱা দুভৰিৰ সৌন্দৰ্য  ৰূপৰ পায়েল যোৰে জিলিকাই তোলে। “এইটো ৰঙা কি লগাইছ ৰে ফুলমতী ?” তাইৰ ভৰিলৈ চাই ব্ৰনছন চাহাবে সোধে । ফুলমতীয়ে লাজ লাজ কৈ “এইটা আলতা বলে চাহেব।”
            ফুলমতীয়ে চাহাবৰ ঘৰৰ ভাত ৰান্ধি আহি ঘৰৰ ল’ৰা ছোৱালী আৰু গিৰিয়েক ফাগুনৰ খোৱা বোৱা আলপৈচান ধৰাত ব্যস্ত হৈ পৰে । ফাগুনৰ ফুলমতীৰ প্ৰতি আগৰ প্ৰেমানুভূতি যেন কমি আহিছে । মদৰ প্ৰেমত হে ফাগুন বলিয়া হৈ পৰিছে ।তাই কেতিয়াবা ভাৱে বাগানৰ মেনেজাৰ চাহাবৰ ভাত ৰন্ধা কামটো এৰি দিব ।ভাত ৰান্ধিব নগ’লে চাহাবে কামৰ পৰা খেদাই দিয়াৰ ভয় । ইফালে ল’ৰা ছোৱালীৰ খৰচ বাঢ়িছে। ডাঙৰ হৈছে সিহঁত । সিহঁতৰ পিন্ধন ওৰণ পঢ়া আদিৰ খৰচ বাঢ়িছে । ফাগুনে তাৰ দৰমহাৰ টকা মদতে উৰাব ধৰিছে ।কেতিয়াবা ফাগুনক মেনেজাৰৰ কাণ্ডৰ কথা ক’বলৈ মন যায় কিন্তু তাইৰ ভয় হয় যদি ফাগুনে মেনেজাৰৰ ঘৰত গৈ গালি গালাজ উৎপাত কৰে , তেতিয়া মেনেজাৰে চাকৰিৰ পৰা খেদাই দিয়াৰ ভয়।
             ভাত ৰান্ধি ফুলমতী মেনেজাৰৰ ঘৰৰ পৰা ওলায় আহিব লওঁতে মেনেজাৰ চাহাব ডিউটি কৰি আহাৰ গ্ৰহণ কৰিবলৈ আহিল ।ফুলমতী চাহ একাপ খাব মন গৈছে আহচোন বনাই দিবি বুলি মাতি আনিলে।ফুলমতী আজি আমি বিলাতি চাহ খাম গিলাচ দুটা আনিবি।মোৰ কোঠাৰ ভিতৰলৈকে আনিবি বুলি মেনেজাৰ চাহাব নিজৰ কোঠাৰ ভিতৰত সোমাল। ফুলমতীয়ে গিলাচ দুটা লৈ চাহাবৰ ওচৰ পালেহি । কাজু বাদামৰ পেকেট এটা খুলি দিবলৈ দিলে । চাহাবৰ আদেশ মতে তাই প্লেটত কাজু আৰু গিলাচ দুটা সজাই যাব ল’লে । চাহাবে আজি তইও অলপ খা বুলি দামী সুৰা বাকী গিলাচত দিলে ।ফুলমতী — “চাহেব মই নাই খাব ।” খা খা তোৰ গা বহুত ভাল লাগি যাব বুলি মেনেজাৰ চাহাবে তাইৰ মুখত লগাই সুৰা বাকী দিলে । তাইও উপায়ন্তৰ হৈ সুৰাকণ গিলি পেলালে।এনেকৈ কেইবা ঢোক গিলি পেলালে ।আনটো গিলাচ ব্ৰনছন চাহাবে গিলি পুণৰ আৰু এগিলাচ গিলি শেষ কৰিলে।লাহে লাহে ফুলমতীৰ গা ৰিমজিমাই উঠিছে ।দুয়ো গোলাপী নিচাৰ ৰাগীত বুৰ গৈছে । তাইৰ উঠন বুকুত চাহাবৰ হাতৰ পৰশ ভাল লগা হৈছে ।ফুলমতী —“চাহেব এই ৰকম নাই কৰবি চাহেব নাই কৰবি মোকে যাব দে ।”সাপে চৰাই মেৰিয়াই ধৰাৰ দৰে চাহাবে ফুলমতীক  দুবাহুৰ মাজত আবদ্ধ কৰি ল’লে ।” যাব দে চাহেব যাব দে “তাইৰ মাত ধিৰে ধিৰে সৰু হৈ আহিব ধৰিলে ।চাহাবে তাইৰ সৰ্ব শৰীৰ প্ৰেমাস্পৰ্শে বুৰাই পেলালে ।তাই যেন ভাতিখোলা হাতীক হে বশ কৰিলে । কামুক স্পৃহা তাইৰো দুৰ হ’ল ।দুটি তৃপ্ত দেহা পৰি ৰ’ল ।
                                  ইভা গন্ধীয়া ফুকন