গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাত আজি সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাত আজি সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  ভক্স পপুলীৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে যোৱা ১৮ নৱেম্বৰৰ পৰা। আজি চতুৰ্থ দিনা পুৱা ১১ বজাৰ পৰা উজনি অসম মুছলিম কল্যান পৰিষদৰ উদ্যোগত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীত লৈ আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ লৈ সাধুকোৱা প্ৰতিযোগিতা সম্পন্ন হয়। প্ৰতিযোগিতাখনিত বিচাৰক হিচাবে থাকে গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অনিল শৰ্মা আৰু লেখিকা দীপাঞ্জলি শৰ্মা বৰুৱা। বিয়লি ফলা ফল ঘোষণা কৰা মতে ক-শাখাত প্ৰথম হয় আকাশ নীল নেওগ, দ্বিতীয় জানমণি হাজৰিকা, তৃতীয় কাব্যম অত্ৰি। উদ্যোগণিমুলক বঁটা পায় কল্যান দাস আৰু শইকীয়া ই। খ- শাখাত প্রথম হয় অৰ্পিতা লইং, দ্বিতীয় অণ্বেষণা চলিহা আৰু তৃতীয় এড্ৰিজা বৰকটকী। প্ৰতিযোগিতা খনৰ সকলোদিশ পৰিচালনা কৰে জলিলোৰ ৰহমান আৰু চৈয়দ ইছফাক জামানে। ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক সহযোগিতাই উদ্যোগতা সকলক সুখী কৰি তোলে। তেখেতসকলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।