গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত ‘প্ৰেম আৰু ৰ’দালি’ৰ কবি হীৰেন ভট্টাচাৰ্যৰ জন্মদিৱস উদযাপন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান
মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে ’প্ৰেম আৰু ৰ’দালি’ৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজাদিন উদযাপন কৰাৰ লগতে গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি , সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা , সদৰ কবি সন্মিলনৰ উপদেষ্টা , প্ৰগতিবাদী কবি ধীৰেন্দ্ৰচন্দ্ৰ দত্ত সোঁৱৰণী কাব্যবঁটা প্ৰাপক বিশিষ্ট কবি শ্ৰদ্ধাৰ ৰাজুমণি বেজবৰুৱা ডাঙৰীয়াক গোলাঘাট সদৰ কবি সন্মিলনৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সদৰ কবি সন্মিলনৰ সম্পাদক হেমা চৌধুৰী গগৈয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে হীৰুদাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সদৰ কবি সন্মিলনৰ সভাপতি শ্ৰীযুতা কমলাক্ষী দত্তই ৷ স্মৃতিতৰ্পণ কৰে বিশিষ্ট কবি ৰাজুমণি বেজবৰুৱাই ৷ সদৰ কবি সন্মিলনৰ সভাপতি কমলাক্ষী দত্তই সভাপতিত্ব কৰা সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপসভাপতি সন্মানীয় দিলীপ কুমাৰ শৰ্মা , সাধাৰণ সম্পাদক সন্মানীয় চৈয়দ পাৰভিজ হুছেইনৰ লগতে অনান্য বিষববীয়া সকল। সভাত এটি বৰগীত পৰিবেশনেৰে সভাখনিৰ শুভ উদ্বোধন কৰে অনুৰাধা শইকীয়াই ৷ হীৰুদাৰ বিষয়ে চমু আলোকপাত কৰে জিলাৰ সভাপতি ড° প্ৰণৱ ঢেকিয়াল ফুকন ডাঙৰীয়াই ৷ সদৰ কবি সন্মিলনৰ দুগৰাকী জ্যেষ্ঠ কবি শ্ৰীযুতা মঞ্জুলিকা নেওগ শইকীয়া আৰু বিভা দাস বৰাই হীৰুদাৰ গীত পৰিবেশন কৰি সভাস্থলী জীপাল কৰি তোলে ৷ ইয়াৰ পিছতে ধনশিৰিপৰীয়া কবিৰূপে খ্যাত , ধীৰেন্দ্ৰচন্দ্ৰদত্ত সোঁৱৰণি বঁটা প্ৰাপক , গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ ৰাজুমণি বেজবৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এখনি চেলেং চাদৰ , গামোচা, জাপি ,শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে তেখেতক সদৰ কবি সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ হয়৷ ইয়াৰ পিছতে তেখেতক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্নজন ব্যক্তিয়ে৷ কছাৰীহাট শাখা সাহিত্য সভাৰ সভাপতি দেৱপ্ৰসাদ বৰা আৰু সম্পাদক মৃগাংক বৰুৱাই গামোচা আৰু এটি শুভ্র কাঞ্চন গছৰ পুলিৰে তেখেতক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে পত্ৰিকা সম্পাদক কুমকুম চাংমাই আৰু নিৰু গগৈৰ সম্পাদনাত প্ৰকাশিত সদৰ কবি সন্মিলনৰ কাব্য পত্ৰিকা কাব্যমঞ্জৰী উন্মোচন কৰা হয় ৷ যোৱা ৪ জুলাইত সদৰ কবি সন্মিলনে আয়োজন কৰা কবিতা আবৃত্তিৰ পুৰস্কাৰ সমূহো আজিৰ সভাত প্ৰদান কৰা হয় ৷ শেষত জিলা সভাপতি শ্ৰদ্ধাৰ প্ৰণৱ ঢেকিয়াল ফুকন ডাঙৰীয়াৰ সঞ্চালনাত কবি সন্মিলনখনি অনুষ্ঠিত হয় ৷ শিশু শিল্পী আৰাধ্যা ৰাজখোৱা , আৰাধানা ৰাজখোৱা আৰু ব্ৰিজ কিশোৰ গগৈয়ে গীত -নৃত্য পৰিবেশন কৰে ৷ সদৰ কবি সন্মিলনৰ সক্ৰিয় বিষয়ববীয়া জুৰি সন্দিকৈ , দীপ্তি নাথ , চুমি বৰদলৈ ভৰালী , মঞ্জুমণি শইকীয়া , নৱ কুমাৰ বৰ্মন , ৰঞ্জুমণি তামুলী , নিহা হাজৰিকা , গৌৰী বৰা , বিনীতা দাস , ৰেখাশ্ৰী সন্দিকৈ , পাপৰি শইকীয়া আদি সকলোৰে সহায়-সহযোগিতাই আজিৰ অনুষ্ঠান সফল কৰি তুলিলে ৷