গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনীৰ দ্বাৰা ড° ভূপেন হাজৰিকাৰ দ্বাদশ স্মৃতি দিৱস সম্পন্ন

গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনীৰ দ্বাৰা ড° ভূপেন হাজৰিকাৰ দ্বাদশ স্মৃতি দিৱস সম্পন্ন

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতীয় জীৱনৰ একক আৰু অনুপম সত্তা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ স্মৃতি দিৱসত “গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনীয়ে ” আয়োজন কৰিছিল এক অভিনৱ অনুষ্ঠান ।৪ নৱেম্বৰৰ বিয়লি সুধাকণ্ঠৰ গীতৰ আধাৰত ছাত্ৰ -ছাত্ৰী সকলৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৫ নৱেম্বৰৰ বিয়লি বিজয়ী ছাত্ৰ ছাত্ৰী সকলৰ বঁটা প্ৰদান তথা গীত -মাতেৰে সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটিত সুধাকণ্ঠৰ ভিন্ন চেতনাৰ গীত কবিতা আৰু তেওঁৰ বিশাল ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিষয়ে আলোচনা হয় ।যিসকলৰ আন্তৰিক সহযোগিতাই অনুষ্ঠানটিক বৰ্ণময় কৰি তুলিলে ; প্ৰতিজন সুহৃদয়লৈ নগৰ শাখা সাহিত্য সন্মিলনীয়ে গভীৰভাৱে কৃতজ্ঞ জ্ঞাপন কৰাৰ কথা ৰঙিলী বার্তাক জানিবলৈ দিছে।