গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হয় প্ৰথিতযশা সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি দিৱস 

গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হয় প্ৰথিতযশা সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি দিৱস 

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হয় অসমৰ এজন প্ৰথিতযশা সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি দিৱস ।ভিন্ন মহাবিদ্যালয়ৰ পাঁচ গৰাকী প্ৰতিভাবান ছাত্ৰ ছাত্ৰীয়ে শইকীয়াদেৱৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে ।তেওঁলোক হ’ল — নীলাভ নয়ন সন্দিকৈ অস্মিতা লাহন প্ৰত্যুষ প্ৰশান্ত তামুলী আৰু প্ৰীতি মণি শইকীয়া । তেওঁলোকৰ অধ্যয়নপুষ্ট ভাষণে সকলোকে মোহিত কৰে । ড° ভৱেন্দ্ৰ নাথ শইকীয়াদেৱৰ কেইবাটাও অনুপম শিশু কবিতা আবৃত্তি কৰে —- অণ্বেষণা চলিহা নাটাশা ভেৰুৱা অৰ্পনাশ্ৰী বৰকটকী মেহজবীন আহমেদ আৰু মেঘৰাগিনী বৰাই ।ইয়াৰ পিছতেই উপস্থিত সুধীসমাজৰ সৈতে মত বিনিময়ৰ এক চমু অনুস্থান অনুষ্ঠিত হয় । গোলাঘাট নগৰ শাখা সাহিত্য সন্মিলনী আৰু জিলা সাহিত্য সন্মিলনীৰ সন্মানীয় সভাপতি আৰু সদস্যসকলৰ বাহিৰেও ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।নগৰ শাখাৰ সম্পাদিকা পাপৰি শইকীয়া বৰাই আঁত ধৰা অনুষ্ঠানটিত অসমৰ সমাজজীৱনৰ যুগমীয়া ব্যক্তিত্ব ড° ভৱেন্দ্ৰ নাথ শইকীয়াদেৱৰ ব্যক্তিত্বৰ সম্যক অৱলোকনে চিন্তাৰ খোৰাক দিয়ে । গোলাঘাটৰ প্ৰয়াস একাডেমীত এই অনুষ্ঠানটি অনুষ্ঠিত হয় । সাহিত্য সন্মিলনীয়ে সকলোকে কৃতজ্ঞতা জনাইছে ।