গোলাঘাট দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন আৰু অভিনন্দন গ্ৰন্থ উন্মোচন

গোলাঘাট দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন আৰু অভিনন্দন গ্ৰন্থ উন্মোচন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- নাহৰবাৰীস্থিত দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ নিজা কাৰ্য্যালয়ত আজীৱন সভ্য সন্মিলন আৰু শাখাৰ তৰফৰ পৰা প্ৰকাশ কৰা প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত বুধিন ফুকন দেৱৰ এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰে সৰুপথাৰ মহাবিদ্যায়ৰ অধ্যাপক ড• প্ৰণৱ ঢেকিয়াল ফুকন দেৱে। বৰপথাৰ জুনিয়ৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপামণি কোচ ভৰালীয়ে উদ্বোধন কৰা সভাখনত অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোপাল শ্ৰেষ্ঠ, বিশিষ্ট সাংবাদিক বিবেকানন্দ দত্ত,মাণিক শৰ্মাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।