গোলাঘাট জিলা কবি সন্মিলনৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

গোলাঘাট জিলা কবি সন্মিলনৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ, সম্বৰ্দ্ধনা আৰু সমন্বয় অনুষ্ঠান সম্পন্ন

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- আজি গোলাঘাট পৌৰসভাৰ সভাকক্ষত গোলাঘাট সদৰ কবি সন্মিলনৰ আতিথ্যত গোলাঘাট জিলা কবি সন্মিলনৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ, কেন্দ্ৰীয় বিষয়ববীয়াৰ সম্বৰ্দ্ধনা আৰু সমন্বয় অনুষ্ঠান সম্পন্ন হৈ যায় ।প্ৰথমে অনুষ্ঠানটিৰ বন্তি প্ৰজলন কৰে গোলাঘাট সদৰ শাখাৰ প্ৰাক্তন সভাপতি কমলাক্ষী দত্ত আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সদৰ শাখাৰ সভাপতি নীলিমা বৰাই। কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা আৰু প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুচেইনে। ইয়াৰ পিছতে গোলাঘাট জিলা কবি সন্মিলনৰ বিদায়ী সভাপতি প্ৰণৱ ঢেকিয়ালফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত নতুন জিলা সমিতিয়ে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰায় কেন্দ্ৰীয় সভাপতি আৰু প্ৰাক্তন জিলা সভাপতি নৰেন শইকীয়াই । বিদায়ী জিলা সভাপতিৰ পৰা সদৌ অসম কবি সন্মিলনৰ পতাকা গ্ৰহণৰে দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত জিলা সভাপতি অমৰ শৰ্মাই। উল্লেখযোগ্য যে বিদায়ী জিলা সম্পাদক দীপ হেষ্টিংছ বৰিৰ পৰা নথিপত্ৰ গ্ৰহণেৰে ভাৰপ্ৰাপ্ত জিলা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে নৱ কুমাৰ বৰ্মনে।

ইয়াৰ পিছতে গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় বিষয়াববীয়াৰ সম্বৰ্ধনা অনুষ্ঠান । সভাত গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত সমূহ শাখাই সম্বৰ্ধনা জনায় সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱা, উপ-সভাপতি উজ্জ্বল পাওগাম, প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুচেইন, সম্পাদক দীপ হেষ্টিংছ বৰি, প্ৰকাশন উপসমিতিৰ সভাপতি ড° প্ৰণৱ ঢেকিয়ালফুকন, কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, কাৰ্যালয় সম্পাদক জিনতু ফুকন,সাংগঠনিক সম্পাদক মৃদুস্মিতা শৰ্মাক। সভাত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় জিলা উপদেষ্টা ড° দীপালী বৰা, দুগ্ধ দত্ত, কবি গল্পকাৰ ৰিংকুমণি গগৈয়ে । সভাৰ আঁত ধৰে দীপ হেষ্টিংছ বৰি আৰু প্ৰিন্সিপিয়া ফুকনে ৷ শেষত কাব্যমন্ৰ পাঠেৰে সভা অন্ত পৰে ৷