গোলাঘাট জাতীয় বিদ্যালয় ত প্ৰাক বিহু উদযাপন
মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক উন্নত শিক্ষা প্ৰদান দ্বাৰা সঠিক পথৰ সন্ধান দিবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ প্ৰয়োজন অনুসৰি সাংস্কৃতিক দিশটোও টনকিয়াল কৰাৰ প্ৰচেষ্টা হাতত লয় বুলি আজি প্ৰাক বিহু অনুষ্ঠিত কৰি এনেদৰে নিজ অনুভৱ ব্যক্ত কৰে প্ৰধান শিক্ষয়ত্ৰী আৰু সহ প্ৰধান শিক্ষয়িত্ৰী ক্ৰমে স্মৃতিৰেখা বৰা আৰু বনশ্ৰী কাকতিয়ে। প্ৰাক বিহুত আজি বিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী সকলে হুঁচৰি মাৰি সমবেত ৰাইজক আপ্লুত কৰে। অভিভাৱক সকলে বিদ্যালয় খনৰ এনে পদক্ষেপ ক ভুয়সী পৰসংসা কৰে।